Rupaliparda.com
সুনীল গ্ৰৱাৰ ওৰফে গুত্থীৰ নতুন শ্ব'- 1

সুনীল গ্ৰৱাৰ ওৰফে গুত্থীৰ নতুন শ্ব’-

কমেডিয়ান সুনীল গ্ৰৱাৰৰ বিনোদনৰ কথাবোৰ জানো কোনোবাই পাহৰিব পাৰে? তেওঁ এনে এগৰাকী কলাকাৰ যিয়ে দৰ্শকৰ মুখলৈ এবাৰ নহ’লেও এবাৰ হাঁহি বিৰিঙাবলৈ সক্ষম হয়। গতিকে, সুনীল গ্ৰৱাৰৰ অনুৰাগীলৈ আহিছে নতুন খবৰ; অতিশীঘ্ৰে আকৌ সুনীল গ্ৰৱাৰৰ নতুন এটি অনুষ্ঠানৰ আৰম্ভণি হ’বলৈ গৈ আছে। টেলিভিছনৰ ষ্টাৰ ভাৰত শীৰ্ষক চেনেলটোত “গেমচ অৱ ফিল্মিষ্টান” নামেৰে এটি অনুষ্ঠানত আৰম্ভণি হ’ব; য’ত সুনীল গ্ৰৱাৰৰ সৈতে থাকিব শিল্পা শিন্দে, সুগন্ধা মিশ্ৰা, সিদ্ধাৰ্থ সাগৰ, উপাসনা সিং আৰু যতীন সুৰীৰ দৰে কেইবাগৰাকীও কলাকাৰ। ইতিমধ্যে এই অনুষ্ঠানটোৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে। প্ৰমো’ দেখিয়েই বুজিব পৰা গৈছে যে ইয়াত আকৌ এক ব্যতিক্ৰমী ৰূপত আহিবলৈ সাজু হৈছে সুনীল গ্ৰৱাৰ। চচিয়েল মিডিয়াত প্ৰমো’টো শ্বেয়াৰ কৰি তেওঁ লিখে যে, “আপোনাৰ প্ৰতিটো উশাহত হাঁহি ধালিবলৈ আহিছে এই মহাৰথী। আমি আহি আছো প্ৰতিটো ঘন্টাত “নন ষ্টপ” কমেডীক লগত লৈ; “গেমছ অৱ ফিল্মিষ্টান” ৩১ আগষ্টৰ পৰা ৰাতি ৮ বজাত সম্প্ৰচাৰিত কৰা হ’ব টেলিভিছন পৰ্দাত।”

সুনীল গ্ৰৱাৰ ওৰফে গুত্থীৰ নতুন শ্ব'- 2


মুম্বাইলৈ অহা পিছত সুনীলে অইনৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি মাহিলী ৫০০ টকাহে পাইছিল। কিন্তু তেওঁৰ বিশ্বাসেই আজি তেওঁক সফলতাৰ জখলা বগাবলৈ সক্ষম কৰালে। তেওঁ প্ৰথমতে টি.ভি ত কাম পাইছিল যদিও তেওঁ সময় মতে উপস্থিত হ’ব নোৱাৰাত তেওঁৰ চৰিত্ৰটো অইনক দি দিয়া হৈছিল। তাৰ পিছতেই তেওঁ “ভইচ অভাৰ” ৰ কাম আৰম্ভ কৰে আৰু তেনেকৈ ৰেডিঅ’ ত কাম পাবলৈ সক্ষম হয়।ৰেডিঅ’ই সুনীলক জনপ্ৰিয় কৰাৰ পিছতেই তেওঁ টি.ভি ত কাম পাবলৈ সক্ষম হয় আৰু “গুত্থী” চৰিত্ৰটোৰ বাবে তেওঁক মতাই অনা হয়। “কমেডি নাইট উইথ কপিল শৰ্মা” আৰু “ডা কপিল শৰ্মা শ্ব” ত “মহশুৰ গুলাটী” ৰ চৰিত্ৰটোৰ বাবে অভিনেতাগৰাকীয়ে লাভ কৰে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.