বিবাহ পাশত আৱদ্ধ টেলিভিছন পৰ্দাৰ জনপ্ৰিয় অভিনেতা অমিত কুমাৰ বৰা। পূৰ্বেও প্ৰেয়সী সুপ্ৰিয়া বৰাৰ সৈতে বিভিন্ন ফটো আপলোড কৰি জনসাধাৰণক নিজৰ বিষয়ে খবৰ দিয়ে অভিনেতা গৰাকীয়ে। আৰু, এইবাৰো নিজ বৈবাহিক জীৱনৰ আৰম্ভণিক যেন পূৰ্ণৰূপত স্ফূৰ্তি কৰি অতিবাহিত কৰিছে অভিনেতা গৰাকীয়ে। তেওঁৰ ফটোৱে আচলতে তেওঁৰ ব্যক্তিগত জীৱনৰ সুখানুভূতিক ব্যক্ত কৰিছে। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ ইটো সিটো কথাত স্পষ্ট যুক্তি দাঙি ধৰা অভিনেতা গৰাকীয়ে নিজ কথাৰে অনুৰাগীক আপ্লুত কৰি ৰাখে।
এখন ধাৰাবাহিকত এটি সৰু চৰিত্ৰৰে নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা অমিত কুমাৰে ৰিল লাইফতকৈ অধিক ৰিয়েল লাইফত দিয়া লজিক বোৰে তেওঁক তেওঁৰেই অনুৰাগীৰ অধিক কাষ চপাবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে অমিতে দিয়া “হিৰো” ৰ সংজ্ঞাটিয়ে চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল জনপ্ৰিয়তা। তেওঁ কৈছিল যে, “মই এতিয়ালৈ কেইবাখনো ধাৰাবাহিকত কাম কৰিছো, কিন্তু ইয়াত মাত্ৰ এটাই কথা আছে যে হিৰোইন এজনীৰ স্বামী চৰিত্ৰ ৰূপায়ন কৰিলে কোনো এজন মানুহ হিৰো’লৈ ৰূপান্তৰ নহয়। এই “ল’জিক” টোক লৈয়ে মই এতিয়ালৈ হিৰো’ হোৱাগৈ নাই।

গতিকে, মোক হিৰো’ বুলি নক’ব আৰু মই হিৰো’ হ’বলৈও নাই বিচৰা। ভগৱানৰ আশীৰ্বাদত ফটোত মোক অকণমান হিৰো’ৰ দৰেই লাগে। আচলতে, হিৰো’ সেইজনেই হয় যিগৰাকীয়ে জীৱনত হিৰো’ৰ দৰে ভিন্ন কাম কৰে।” আগন্তুক সময়ত “নমামী” ধাৰাবাহিকখনতো আকৌ এক আৱেগবিহ্বল কমেডী চৰিত্ৰত দেখিবলৈ পোৱা যাব অমিত কুমাৰ বৰাক।
Add comment