এটা সময় এনেকুৱা আছিল যেতিয়া এই কমেডিয়ান জনৰ কমেডী অবিহনে দৰ্শকে ছবি চাবলৈও বিচৰা নাছিল। চিনি পাইছেনে এই কমেডিয়ান জনক?? তেওঁ এগৰাকী এনেকুৱা কমেডী অভিনেতা যাক সৰুৰ পৰা ডাঙৰ অথবা বুঢ়াৰ পৰা ডেকালৈ সকলোৱে পচন্দ কৰে। তেওঁৰ নাম হৈছে জনী লীৱৰ। তেওঁ ১৯৮২ চনত সুনীল দত্তৰ ছবি “দৰ্দ কা ৰিষ্টা” ৰ পৰা বলীউড জগতলৈ আহিছিল। আহকচোন জানো তেওঁৰ বিষয়ে নজনা কিছু কথা-

১. এই অভিনেতাগৰাকীয়ে বছৰি অৰ্জন কৰে ১৯০ কোটি টকা। তেওঁৰ তাত কেইবাখনো দামী গাড়ী আছে। অন্ধেৰীত অভিনেতা গৰাকীয়ে ৩ BHK ফ্লেটত থাকে।
২. অভিনেতা গৰাকীয়ে এই পৰ্যায়টো পাবলৈও অশেষ সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁ প্ৰথম অৱস্থাত পুনেৰ গলি কিছুমানত কলম বিক্ৰী কৰিছিল। সেইটো সময়ত তেওঁ অশোক কুমাৰ আৰু জীৱনৰ নিচিনা শিল্পীৰ নকল কৰিছিল।

৩. জনী লীৱৰৰ আছল নাম হৈছে জন ৰাওঁ জনুমালা। তেওঁ টকা-পইচাৰ নাটনিৰ বাবে সপ্তম শ্ৰেণীৰ পিছত পঢ়িবলৈ এৰি দিছিল।
৪. এই কমেডিয়ান গৰাকীয়ে হিন্দুস্তান লীৱৰত কাম কৰিছিল। তাত থকা অৱস্থাত তেওঁ বলীউডৰ কেইজনমান অভিনেতাৰ নকল কৰিছিল।

৫. জনী লীৱৰৰ জীয়ৰী জেমী লীৱৰে এটা সাক্ষাৎকাৰত জনাইছিল যে তেওঁৰ পিতৃ বাস্তৱত এগৰাকী অনুশাসনপ্ৰিয় লোক। পঢ়াৰ সময়ত জনী লীৱৰ নিজৰ সন্তানক চিনেমাৰ পৰা দূৰত ৰাখে।
Add comment