Rupaliparda.com
"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 1

“মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো”- অভিজিৎ শৰ্মা

সংগীতৰ সমান্তৰালকৈ অভিনয় ক্ষেত্ৰখনতো পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে নৱপ্ৰজন্মই। “লক-ডাউন” ৰ সময়ছোৱাত একাংশ এনে নৱপ্ৰজন্মৰ প্ৰতিভা জনসাধাৰণে দেখিছে যে তেওঁলোক প্ৰশংসাৰ অধিকাৰী হৈ পৰিছে; চুটি ছবিৰ পৰা আৰম্ভ কৰি একোটা হৃদয়স্পৰ্শী গীতত অভিনীত যুৱপ্ৰজন্মৰ প্ৰতিভাই আপ্লুত কৰিবলৈ সক্ষম হৈছে এতিয়া প্ৰত্যেককে । ৰূপালীপৰ্দাইও প্ৰতিটো সময়ত এনে প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিবলৈ অহৰহ নিজ চেষ্টা অব্যাহত ৰাখিছো। “লক-ডাউন” ৰ সময়তে জনসাধাৰণৰ সমুখলৈ আহি জিলিকি থকা প্ৰতিভাৰ মাজত এজন হৈছে অভিজিৎ শৰ্মা; দ্বিতীয় শ্ৰেণীত থাকোতেই নাটকৰ প্ৰতি আকৰ্ষিত হোৱা এই ছাত্ৰ গৰাকীক মতাই নিয়া হৈছিল অসীম কৃষ্ণ বৰুৱাই নিজ নাটকৰ শ্ৰেণী কোঠালৈ। অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত হৈ থকা অৱস্থাতেই আৰম্ভ হোৱা অভিনয়ৰ যাত্ৰাক বৰ্তমানেও অব্যাহত ৰাখিছে অভিজিৎ শৰ্মাই। অভিনয়ৰ বিষয়ে সোধাত অভিজিতে কয় যে, “অসীম কৃষ্ণ ছাৰৰ পৰিচালনাতেই মই সৰৱজান, পোঁকে খোৱা গান্ধী” আদিকে ধৰি বিভিন্ন খন নাটত অভিনয় কৰিছিলো। তেওঁৰ তত্ত্বাৱধানতেই মই নাট পৰিচালনাও শিকিছিলো। ইয়াৰ পিছতেই মই নাটকৰ আন ভিন্ন কথাবোৰ শিকিছিলো গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মানিক ৰয় ছাৰৰ পৰা। ছাৰৰ লগত থাকিয়ে মই বাহিৰলৈ অৰ্থাৎ প্ৰথমবাৰৰ বাবে আন্দামানত “বাপু আৰু গান্ধী” নামে এখন নাটক কৰিবলৈ যোৱাৰ সুবিধা লাভ কৰিছিলো।”

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 2


ইয়াৰ উপৰিও তেওঁ কয় যে, “অসীম ছাৰৰ তত্ত্বাৱধানত যেতিয়া মই মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণত একাংকিকা নাট প্ৰতিযোগিতাত অভিনয় কৰিছিলো; সেইটো সময়ত মই সেই প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰিছিলো।” মঞ্চৰ পৰাই অভিনয় জীৱনৰ আৰম্ভণি হোৱা অভিজিতক ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” তো দেখিবলৈ পোৱা গৈছিল।

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 3


অভিনয়ৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত অভিজিতে কয় যে, “আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে ঠিক তেনে একো কথা মই ক’ব নোৱাৰো। কিন্তু এয়া ঠিক যে, মই এগৰাকী বহুমুখী অভিনেতা হ’ব বিচাৰো যে যাক দৰ্শকে প্ৰতিটো চৰিত্ৰত দেখিবলৈ পায়। মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো। আচলতে, মোৰ বিশ্বাসো আছে যে মই এয়া পাৰিম। আনহাতে, দুখনকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কথা চলি থকা হৈছে। শ্বুটিং আৰম্ভ হোৱা নাই।” কাৰ অভিনয় চাই উৎসাহ পোৱা বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নৰ উত্তৰত অভিনেতা গৰাকীয়ে কয় যে, “এনে ক্ষেত্ৰত মই প্ৰথমে নাম ল’ম পৰেশ ৰাৱালৰ।”

"মই দৰ্শকৰ মনে বিচৰা প্ৰতিটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিচাৰো"- অভিজিৎ শৰ্মা 4


তেওঁৰ দৰে প্ৰতিটো সংস্কৰণৰ চৰিত্ৰত যদি ফিট হ’ব পাৰো তেতিয়াহ’লে মই নথৈ আনন্দিত হ’ম। ইয়াৰ পিছতেই মই নাম ল’ম নৱাজুদ্দিন চিড্ডিকীৰ; তেখেতৰো এনে এটা গুণ আছে যিয়ে প্ৰতিটো চৰিত্ৰটে নিজক খাপ খুৱাই ৰাখিব পাৰে। এগৰাকী আৰক্ষী বিষয়াৰ লগতে খলনায়কৰ চৰিত্ৰত মই নিজকে চাব বিচাৰো; মোক এই দুটা চৰিত্ৰই খুব আকৰ্ষণ কৰে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.