এইবাৰ এখন নাটকৰ প্ৰস্তুতিত ব্যস্ত মনোৰঞ্জন ক্ষেত্ৰৰ জনপ্ৰিয় কলা-কুশলী। লাহে-ধীৰে পৰিচালনাৰ দিশত নামি পৰা কন্ঠশিল্পী তৰালী শৰ্মাৰ কাহিনীৰে লগতে জনপ্ৰিয় পৰিচালক তথা অভিনেতা প্ৰণৱ ভৰালীৰ পৰিচালনাৰে “বাউলী মেঘৰ সাধু” শীৰ্ষক এখন নাটৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে এতিয়া তেওঁলোক। কেইবাগৰাকীও জনপ্ৰিয় লগতে প্ৰতিষ্ঠিত সংগীতশিল্পী আৰু অভিনেতা-অভিনেত্ৰীক লগত লৈ উক্ত নাটখন ৰাইজৰ মাজলৈ লৈ অনাৰ পৰিকল্পনা কৰিছে এতিয়া সকলোৱে। উক্ত ড্ৰামা খনক লৈ বৰ্তমান উৎকন্ঠা সকলোৰে; ব্যস্ততাৰ মাজত থাকি এনে কিছু পৰিকল্পনাক ৰাইজে সঁহাৰি জনোৱাৰ লগতে ইয়াৰ প্ৰতি আগ্ৰহেৰে ৰৈ থকাও দেখিবলৈ পোৱা গৈছে। বৰষা ৰাণী বিষয়া, কমল লোচন, কৌশিক নাথ আৰু অতনু মহন্তৰ অভিনয়ৰে নিৰ্মিত এই নাটখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। বৰ্তমান সময়ত মনোৰঞ্জন ক্ষেত্ৰখনত তৰালী শৰ্মাৰ সক্ৰিয়তাক পূৰ্ণৰূপত দেখিবলৈ পোৱা গৈছে। তেওঁৰ সৈতে প্ৰায়ে প্ৰতিটো ক্ষেত্ৰত দেখিবলৈ পোৱা একোজন নৱপ্ৰজন্মৰ প্ৰতিভাও লেখত ল’বলগীয়া।

ইতিমধ্যে প্ৰণৱ ভৰালী আৰু কমল লোচনৰ যুঁটিক কেইবাবাৰো টেলিভিছন পৰ্দাত দেখিছে দৰ্শকে। কেৱল মাত্ৰ টেলিভিছন পৰ্দাতেই নহয়; কেইবাখনো চুটি ছবিৰ পৰিচালনাৰ ক্ষেত্ৰতো এই যুঁটিটোক উপভোগ কৰিছে দৰ্শকে। আগন্তুক সময়ত আহিবলগীয়া “বাউলী মেঘৰ সাধু” টোতো এই যুঁটিটোক চাবলৈ অপেক্ষাৰে বাট চাই ৰৈছে অসমীয়া জনসাধাৰণ। উল্লেখ্য যে, তৰালী শৰ্মাৰ কাহিনীৰ ক্ষেত্ৰত তেওঁৰ এক সুক্ষ্ম নিদৰ্শন দৰ্শকে শেহতীয়াকৈ “নিচুঁকনি” যোগে দেখিবলৈ পাইছে। ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগেও অৱশ্যে তৰালী শৰ্মাই এই ক্ষেত্ৰখনক লৈ পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰিছিল।

মুক্তিৰ পূৰ্বেই সৰ্বত্ৰে চৰ্চিত “বাউলী মেঘৰ সাধু” য়ে উৎসাহিত কৰিছে সকলোকে। বৰ্তমানলৈ মুক্তিৰ তাৰিখ উল্লেখ কৰা হোৱা নাই যদিও এই নাট্যখনে যে এক উচ্চপৰ্যায়ৰ প্ৰশংসা লাভ কৰিব সেয়া নিশ্চিত হৈ পৰিছে।
Add comment