Rupaliparda.com
অভিনয়ে নহয়; ৰাজনীতিটো আমন্ত্ৰিত হৈছিল কংগনা ৰাণাৱটঃ 1

অভিনয়ে নহয়; ৰাজনীতিটো আমন্ত্ৰিত হৈছিল কংগনা ৰাণাৱটঃ

অভিনেত্ৰী কংগনা ৰাণাৱটে প্ৰায়ে সকলো সময়তে নিজৰ মত ব্যক্ত কৰি আহিছে। সামাজিক ক্ষেত্ৰতেই হওঁক অথবা বলীউডৰ ক্ষেত্ৰখনৰেই হওঁক; প্ৰতিটো ক্ষেত্ৰতেই সক্ৰিয় ৰূপে অংশগ্ৰহণ কৰি নিজ মন্তব্য ব্যক্ত কৰা এই অভিনেত্ৰী গৰাকীয়ে সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন কামৰো প্ৰশংসা কৰে। এতিয়া অভিনেত্ৰী গৰাকীয়ে তেওঁলোককো ওলোটাই উত্তৰ দিছে যিসকলে কংগনাক নৰেন্দ্ৰ মোদীক সঁহাৰি জনোৱাৰ বাবে নানান কথাৰে ককৰ্থনা কৰিছে। কংগনাই ৰাজনীতিত অংশগ্ৰহণ কৰিব বুলিও বিভিন্ন জনে ইতিমধ্যে মন্তব্য কৰিছিল। অভিনেত্ৰী গৰাকীয়ে প্ৰথমতে টুইট কৰি কৈছিল যে তেওঁ কংগ্ৰেছ সমৰ্থিত পৰিয়ালৰ পৰা অহা আৰু তেওঁ ৰাজনীতিত সোমাব নিবিচাৰে। ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে আন এটা টুইট কৰি কয় যে, বিজেপিয়ে তেওঁক এবাৰ টিকেটো অফাৰ কৰিছিল কিন্তু তেওঁ ইয়াক গ্ৰহণ নকৰিলে।

অভিনয়ে নহয়; ৰাজনীতিটো আমন্ত্ৰিত হৈছিল কংগনা ৰাণাৱটঃ 2


কংগনাই টুইট কৰি কয় যে, “ছবি গেংগষ্টাৰৰ পৰা আৰম্ভ কৰি মণি কৰ্ণিকালৈ মোক বিজেপি ফালৰ পৰা টিকেট প্ৰদান কৰা হৈছিল। মই নিজৰ কৰ্মক ভাল পাওঁ আৰু ইয়াক এৰি মই ৰাজনীতিলৈ আহিবলৈ নিবিচাৰো। গতিকে যিসকলে মোক মোৰ পচন্দৰ বস্তু বোৰক ভালপোৱাকলৈ প্ৰশ্ন কৰে সেইসকলে এতিয়া এইবোৰ বন্ধ কৰাৰ প্ৰয়োজন।” কংগনা ৰাণাওঁট বৰ্তমান সময়ৰ এনে এগৰাকী অভিনেত্ৰী; যাৰ বাবে ইণ্ডাষ্ট্ৰীটো দুভাগত বিভক্ত হোৱা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.