Rupaliparda.com
প্ৰিয়ংকা ভৰালীৰ বহু প্ৰত্যাশিত "এধানি কলিজাত" গীতটিৰ শুভমুক্তিঃ 1

প্ৰিয়ংকা ভৰালীৰ বহু প্ৰত্যাশিত “এধানি কলিজাত” গীতটিৰ শুভমুক্তিঃ

আকৌ আন এটা গীতৰ সৈতে আহিবলৈ সাজু হৈছে প্ৰিয়ংকা ভৰালী। ইতিমধ্যে শ্বুটিং সম্পন্ন হোৱা “এধানি কলিজাত” গীতটোক লৈ উৎসাহীও হৈ পৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগী। বিগত বহু দিনৰ পৰাই গীতটিক লৈ চচিয়েল মিডিয়াত পোষ্ট দৰ্শকক আকৰ্ষণ কৰি ৰাখিছিল প্ৰিয়ংকা ভৰালীয়ে। সমসাময়িক কন্ঠশিলী সমূহৰ মাজত আচলতে প্ৰিয়ংকা ভৰালীৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। তেওঁৰ গীত সমূহ মুক্তি পোৱাৰ পিছতেই লাভ কৰে দৰ্শক ও শ্ৰোতাৰ বহুল সঁহাৰি। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

প্ৰিয়ংকা ভৰালীৰ বহু প্ৰত্যাশিত "এধানি কলিজাত" গীতটিৰ শুভমুক্তিঃ 2


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। শেহতীয়াকৈ বহু দিনৰ পিছত মুক্তি লাভ কৰা তেওঁৰ “এবাৰ চোৱানা” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform