Rupaliparda.com
কৰণ, বৰুণ-আলিয়া হ'লগৈ "ভাইৰাছ" আৰু কংগনা ৰাণাওঁট হ'ল "চেনিটাইজাৰ"- 1

কৰণ, বৰুণ-আলিয়া হ’লগৈ “ভাইৰাছ” আৰু কংগনা ৰাণাওঁট হ’ল “চেনিটাইজাৰ”-

টুইটাৰত সোমবাৰৰ দিনটোত কংগনা ৰাণাওঁটক লৈ অভিযান চলা দেখিবলৈ পোৱা গ’ল। টুইটাৰত এইবাৰ Boycott Kangana Ranaut ৰ ট্ৰেণ্ড চলা দেখিবলৈ পোৱা গৈছে। কিন্তু কংগনাও এনে এগৰাকী অভিনেত্ৰী যিগৰাকীয়ে নিজ ধৰণেৰে তেওঁৰ বিপক্ষে মাত দিয়া সকলক উত্তৰ দিয়ে। তেওঁক লৈ ট্ৰোল কৰা সকলক সদায় অভিনেত্ৰী গৰাকীয়ে নিজ উত্তৰেৰে থকা-সৰকা কৰে। শেহতীয়াকৈ কংগনাই এখন গ্ৰাফিক্স শ্বেয়াৰ কৰে; য’ত কৰণ জহৰ, আলিয়া ভাট আৰু বৰুণ ধৱনক ভাইৰাছ আখ্যা দিয়া হৈছে আৰু কংগনাক চেনিটাইজাৰ বুলি কোৱা হৈছে। এই মিম খনক শ্বেয়াৰ কৰি কংগনাই লিখে যে, “নিগনিবোৰ, বিলত সোমাই যাওঁক নহ’লে গব্বৰ আহি যাব। ট্ৰেণ্ডৰ পৰা মোৰ ভয় নাই; যাওঁক আৰু অইন কিবা চেষ্টা কৰক।” এই টুইটটোৰ আগতে কংগনাই লিখে যে, “বয়কঁট কংগনাৰ ট্ৰেণ্ড সুন্দৰ হয়; নিগনিবোৰ বিলৰ পৰা বাহিৰ ওলাই আহি আহিছে।” মুঠতে, ভিতৰুৱাকৈ যেন এখন মেকুৰী-নিগনিৰ কাজিয়াহে চলিছে।

https://twitter.com/KanganaTeam/status/1297806403952730112?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1297806403952730112%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-boycott-kangana-ranaut-actress-warns-the-trolls-go-back-to-your-holes-tagging-karan-johar-ranbir-kapoor-varun-dhawan-alia-bhatt-as-virus-20662808.html
কৰণ, বৰুণ-আলিয়া হ'লগৈ "ভাইৰাছ" আৰু কংগনা ৰাণাওঁট হ'ল "চেনিটাইজাৰ"- 2
https://twitter.com/KanganaTeam/status/1297793260417622018?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1297793260417622018%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-boycott-kangana-ranaut-actress-warns-the-trolls-go-back-to-your-holes-tagging-karan-johar-ranbir-kapoor-varun-dhawan-alia-bhatt-as-virus-20662808.html


সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনাক চচিয়েল মিডিয়াত সক্ৰিয় ভাৱে দেখিবলৈ পোৱা গৈছিল। অভিনেত্ৰী গৰাকীয়ে বাৰম্বাৰ ইণ্ড্ৰাষ্ট্ৰীটোৰ অধিকাংশ লোকৰ ওপৰত আঙুলি টোঁৱাইছে আৰু ভিন্ন ধৰণে তেওঁলোকৰ কৰ্মৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। কংগনা ৰাণাওঁটে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোক লৈ বলীউডত থকা পক্ষপাতৰ কথাটোক দোষী সাৱস্ত্য কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.