Rupaliparda.com
"আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?"- সমুজ্জল কাশ্যপ 1

“আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?”- সমুজ্জল কাশ্যপ

এখন ছবি অথবা এটা সংগীত জনসাধাৰণৰ কাষ চপাবলৈ এগৰাকী পৰিচালকৰ পৰিচালনাৰ লগতে অভিনেতা-অভিনেত্ৰীৰ যিমান সুন্দৰ অভিনয়ৰ দৰকাৰ হয়; সিমানেই পুংখানুপুংখ কামৰ দৰকাৰ হয় উক্ত যিকোনো প্ৰকল্পৰ সৈতে জড়িত ভিন্ন জন কাৰিকৰী দিশৰ লোকৰো। ৰূপালীপৰ্দাই ইতিমধ্যে চিনাকী কৰোৱা আটাইবোৰ লোকৰ লগতে এইবাৰ আপুনি জানিবলৈ পাব তেতিয়াৰ মুনিন বৰুৱাৰ পৰা আৰম্ভ কৰি বৰ্তমান নৱপ্ৰজন্মৰ পৰিচালকৰ কেইবাটাও কামৰ সৈতে জড়িত লগতে এগৰাকী পৰিচালক সমুজ্জল কাশ্যপৰ বিষয়ে কিছু কথা। পৰিচালনা তথা সম্পাদনাৰ সৈতেও জড়িত এই গৰাকী সমুজ্জল কাশ্যপ। উল্লেখ্য যে, ২০১৫-১৬ বৰ্ষত এখন তথ্যচিত্ৰ “তেজপুৰ ১৯৬২” ৰ বাবে তেওঁ লাভ কৰিছে “ৰজত কমল” বঁটা। আগন্তুক সময়ত আন দুখন ক্ৰমে “মলুৱা” আৰু “মায়া বাইদেউ” ৰ সৈতে দেখিবলৈ পোৱা যাব সমুজ্জল কাশ্যপক। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে এই যাত্ৰাটোৰ বিষয়ে সোধাত তেওঁ কয় যে, “মই পেছাগত ভাৱে এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত ২০০৭ চনৰ পৰা; বেংগলুৰত মই এটা সংবাদ মাধ্যমৰ লগতে বিজ্ঞাপন এজেঞ্চী এটাৰ সৈতে কাম কৰিছিলো প্ৰায় এটা বছৰ। তাৰ পিছতেই মই গুৱাহাটীলৈ আহি ২০০৯ ৰ পৰা ২০১৩ চনলৈ সক্ৰিয়ভাৱে এগৰাকী সম্পাদক হিচাপে কাম কৰিবলৈ লওঁ। ২০১৩ চনৰ পিছত কৰা মই প্ৰায় কাম বোৰ এগৰাকী পৰিচালক ৰূপেই কৰিবলৈ ল’লো। তথ্য চিত্ৰ, চুটি ছবি আদি মই বহুকেইখন পৰিচালনা ইতিমধ্যে কৰিছো। আৰু, যদিহে অপেছাগত দিশৰ পৰা তোমাক কওঁ তেনেহ’লে মোৰ দেউতা প্ৰমোদ দাস এগৰাকী ড্ৰামা কৰা ব্যক্তি আছিল গতিকে সৰুৰ পৰাই মই এই ক্ষেত্ৰখন দেখি আহিছো।”

"আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?"- সমুজ্জল কাশ্যপ 2


তেওঁ আগলৈ কয় যে, “মোৰ দেউতাই ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনলৈ আহি পৰিচালনা কৰা আৰম্ভ কৰিছিল গতিকে মই এই মনোৰঞ্জন ক্ষেত্ৰ খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।” ২০০৭ চনৰ পৰা বৰ্তমান সময়লৈ সক্ৰিয়ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত থকা সমুজ্জলক যেতিয়া তেওঁ কৰ্ম অভিজ্ঞতা তথা নৱপ্ৰজন্মৰ প্ৰতিভাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া কয় যে, “মই নিজকে সোভাগ্যৱান বুলি ভাবো কিয়নো মই স্বনামধন্য মুনিন বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী আদিৰ দৰে গণ্য-মান্য ব্যক্তিৰ সৈতে কাম কৰিছো। তেওঁলোকে কেনেদৰে ভাৱে অথবা কেনেদৰে কাম কৰে মই জানিবলৈ পাৰিছিলো। মই বৰ্তমানলৈ ৭৫ টা মান মিউজিক ভিডিঅ’ পৰিচালনা কৰিছো। গতিকে, মই জ্যেষ্ঠ সকলৰ পৰা যিমান শিকিছো তাৰ সমান্তৰালকৈ শিকিছো নৱপ্ৰজন্মৰ বিভিন্ন জন প্ৰতিভাৰ পৰাও। তুমি কোৱাৰ দৰে এতিয়া বহুখিনি ল’ৰা-ছোৱালী ওলাই আহিছে আৰু তেওঁলোকে বহু ভাল কামো কৰি আছে। এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন একোটা ভাল কৰ্মৰ সাক্ষী হ’ব; কোৱা হয় নহয় যে য’ত সংগ্ৰাম থাকে তাত ভাল কামৰ সন্ধান পোৱা যায় গতিকে তেনেদৰেই আমাৰ ক্ষেত্ৰখন আগবাঢ়ি যাব।”

"আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?"- সমুজ্জল কাশ্যপ 3


সম্প্ৰতি সময়ৰ একাংশ শিল্পীৰ ৰাজনৈতিক স্থিতি আৰু চচিয়েল মিডিয়াত চলা চৰ্চাৰ বিষয়ে যেতিয়া সমুজ্জল কাশ্যপক প্ৰশ্ন কৰা হৈছিল; তাৰ উত্তৰত তেওঁ কয় যে, “ৰাজনীতি মানে সহজ ভাষাত ক’বলৈ গ’লে এনে হ’ব যে নিজ ৰাজ্যখনৰ বাবে কিবা এটা কৰাৰ অপাৰ ইচ্ছা। মই আচলতে ব্যক্তিগত ভাৱে ৰাজনীতিত যোগদান কৰিব নিবিচাৰো; আজি এগৰাকী প্ৰফেচাৰ, অধিবক্তা অথবা ডাক্তৰ এজনে নিজা ক্ষেত্ৰখনত বহু সংগ্ৰাম কৰে, অভিজ্ঞতা লাভ কৰে আৰু তাৰ পিছত ৰাজনীতিলৈ আহে। ঠিক তেনেদৰে এগৰাকী শিল্পী বহু কষ্ট আৰু অভিজ্ঞতা লৈহে “শিল্পী” উপাধিটো লাভ কৰে গতিকে একোজন অধিবক্তা, ডাক্তৰ অথবা প্ৰফেচাৰ ৰাজনীতিলৈ আহিলে যেনেদৰে প্ৰশ্ন কৰা নহয়; আমাৰ শিল্পী সমাজ আহিলে কিয় সমালোচনা কৰা হয়?

"আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?"- সমুজ্জল কাশ্যপ 4

জনসাধৰাণে কিয় উৎসাহিত কৰিব নোৱাৰে শিল্পী সকলক? আগতে কাম বোৰ চাই লওঁক তেওঁলোকৰ তাৰ পিছত সমালোচনা কৰক; কিন্তু আগতীয়াকৈ কৰা সমালোচনা বোৰ গ্ৰহণযোগ্য নহয়। স্মৃতি ইৰাণী এতিয়াও বহু ভাল কাম কৰি আছে; জয়ললিতা য তেওঁয়ো এগৰাকী পূৰ্বতে অভিনেত্ৰীয়ে আছিলে। ৰজনীকান্তে তামিলনাডুত ৰাজনীতিত কাম কৰি আছে লগতে ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে নাম ল’ব পাৰি কমল হাছানৰো। গতিকে, এওঁলোক শিল্পীয়ে যদি ভাল কাম কৰি আছে তেতিয়া হ’লে আমাৰ শিল্পী সমাজৰ ওপৰত ইমান কিয় প্ৰশ্নৰ উত্থাপন হৈছে?”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform