Rupaliparda.com
বিজেপিক হেনো প্ৰয়োজন কৰিঅ'গ্ৰাফাৰৰঃ হিপ হপ কৰি সোমালেহি সেয়ে পংকজ ইংতি- 1

বিজেপিক হেনো প্ৰয়োজন কৰিঅ’গ্ৰাফাৰৰঃ হিপ হপ কৰি সোমালেহি সেয়ে পংকজ ইংতি-

ৰাজনীতিলৈ হিল-দোল ভাঙি আহিছে অসমীয়া শিল্পী সমাজ। কালিৰ দিনটোত ৩৮ গৰাকী শিল্পী কংগ্ৰেছত আৰু ২৭ গৰাকীকৈ শিল্পী অন্তৰ্ভূক্ত হয় বিজেপিত। মুঠতে, একোগৰাকী “শিল্পী” বুলি পোৱা একোটা আখ্যাৰ লগতে একোজন ৰাজনীতিবিদৰ আখ্যা এতিয়া সাঙুৰ খাইছে এই অসমীয়া শিল্পীসমূহৰ সৈতে। বাবু, নেকিবৰ পৰা আৰম্ভ কৰি সীমান্ত শেখৰলৈ সকলো বৰ্তমান আহিছে ৰাজনৈতিক ক্ষেত্ৰলৈ; কেৱল মাত্ৰ কন্ঠশিল্পীয়ে নহয়। নৃত্যশিল্পীৰো নাম সাঙুৰ খাইছে এই ৰাজনৈতিক ক্ষেত্ৰখনত; পংকজ ইংতিও বৰ্তমান সোমাবহি এই ক্ষেত্ৰখনত। “কা” আন্দোলনৰ সময়ছোৱাত বিজেপিৰ হৈ কোনো ধৰণৰ গীত নাগাওঁ বুলি কোৱাৰ পিছতো সীমান্ত শেখৰে বিজেপিত যোগদান কৰা কথাক এতিয়া সহ্য কৰিব পৰা নাই জনসাধাৰণে। শিল্পী সমূহৰ এনে পদক্ষেপক বৰ্তমান সমালোচনা কৰিছে প্ৰায় প্ৰত্যেকগৰাকী সৰ্বসাধাৰণ ৰাইজে। “কা” আন্দোলনৰ সময়ছোৱাত অসমীয়া শিল্পী সমাজে লোৱা সক্ৰিয় ভূমিকাত উৎসাহী হৈছিল সকলো কিন্তু সম্প্ৰতি ৰাজনীতিত যোগদান দিয়া সকলে কেনেদৰে “কা” আন্দোলনত ৰাইজৰ সৈতে থিয় হ’ব তাক লৈ এতিয়া সন্দেহৰ আৱৰ্তত সকলো।

বিজেপিক হেনো প্ৰয়োজন কৰিঅ'গ্ৰাফাৰৰঃ হিপ হপ কৰি সোমালেহি সেয়ে পংকজ ইংতি- 2


ৰাজনীতিত শিল্পী সমূহক নচুৱাবলৈ হেনো এই ক্ষেত্ৰখনত পংকজ ইংতিয়ে যোগদান কৰিছে; এই বুলিও একাংশই ষ্টেটাচ যোগে চচিয়েল মিডিয়াত নিজ মন্তব্য পোষণ কৰে। কেইবাগৰাকীও লোকে “সুবিধাবাদী” বুলি আখ্যা দি এই কন্ঠশিল্পী সমূহে এইবাৰ বিহুত টকা নোপোৱাৰ ফলত যে এই পদক্ষেপ গ্ৰহণ কৰিছে সেই কথাও খুলি কয়। আকৌ এজনৰ কমেন্ট, “কংগ্ৰেছ দলত যোগদান কৰা সকলে হেনো মৰুভূমিত পানী বিচৰাৰ দৰে হৈছে।” মুঠতে এতিয়া মনোৰঞ্জনৰ নামত গীত, মাত, চুটি ছবিয়ে নহয়; শিল্পীক সমালোচনা কৰাৰ বাবেহে হৈছে কমেন্টৰ ভিৰ আৰু তাতেই ঠেলা-হেছা কৰি একাংশই লৈছে নিজৰ প্ৰিয় মনোৰঞ্জন। মিটিং চলি থকা মাজতেই আকৌ কেইবাগৰাকীও সম্প্ৰতি পৰিস্থিতিক কেন্দ্ৰ কৰি সুঁৱৰাই দিছে নিয়ম; “মানক সামাজিক দূৰত্ব; নহ’লে হ’ব ক’ৰোণা”।

বিজেপিক হেনো প্ৰয়োজন কৰিঅ'গ্ৰাফাৰৰঃ হিপ হপ কৰি সোমালেহি সেয়ে পংকজ ইংতি- 3


মুঠতে, ৰাজনৈতিক কোঁচকাৱাজ সকলোৰে মাজত। কোনোৱে যদি চাপোৰ্টত কৈছে একাষাৰ; তাৰ ওপৰতো আকৌ কোনোৱে টানিছে “স্বাৰ্থলোভী” ৰ নাম।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform