ছবি নিৰ্দেশক অনুভৱ সিন্হা আৰু তাপসি পান্নু দুয়ো গৰাকীৰ মাজৰ যুঁটিটো লেখত ল’বলগীয়া। দুয়োগৰাকীয়ে একেলগে কৰা প্ৰতিখন ছবিকেই সমাদৰ জনাইছিল জনসাধাৰণে। চচিয়েল মিডিয়াত দুয়োগৰাকীয়ে একেলগে প্ৰায় কথা পতা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ তেওঁলোকৰ মাজত চলা এক কথোপকথনে এতিয়া চৰ্চা লাভ কৰিছে তেওঁলোকৰ অনুৰাগীৰ মাজত। অনুভৱ সিন্হাই প্ৰায়ে সামাজিক স্থিতিক লৈ নিজ মন্তব্য ব্যক্ত কৰে; ঠিক তেনেদৰেই এইবাৰো অনুভৱ সিন্হাই জাতিবাদৰ ওপৰত পোষ্ট কৰে। তেওঁৰ মতে “কাষ্ট চিষ্টেম” টোৰ ওপৰত আৰু অধিক ছবিৰ নিৰ্মাণ হ’ব লাগে। তেওঁ টুইটৰ দ্বাৰা কয় যে, “ভাৰতৰ জাতি ব্যৱস্থাৰ ওপৰত আৰু অধিক ছবি নিৰ্মাণৰ আৱশ্যকতা আছে। হয়, মই এখন কৰিম।” এই টুইটটোতেই উত্তৰ দি অভিনেত্ৰী তাপসিয়ে “এইবাৰ মই কৰি লওঁ নেকি?” বুলি প্ৰশ্ন কৰে। আৰু ইয়াৰে প্ৰতিউত্তৰত অনুভৱ সিনহাই কয় যে, “বৰ বদমাছ হৈ অ’ তই। টোপনি মৰা নাই এতিয়ালৈ? যা তইয়ে কৰি ল।” পৰিচালক-অভিনেত্ৰীৰ এনে কথোপকথনত বৰ্তমান নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনসাধাৰণে।

তাপসি আৰু অনুভৱ সিনহাই একেলগে “মোল্ক” লগতে “থপ্পড়” ৰ দৰে দুুখন ছবি কৰিছে। দুয়োখন ছবিয়ে সাম্প্ৰতিক সময়ৰ বিভিন্ন কথাক তথা নিয়মক প্ৰতিফলন কৰিছিল। যদিও দুয়োখন ছবিৰেই বক্স অফিচ কালেকচন লেখত ল’বলগীয়া নাছিল তৎস্বত্বেও এওঁলোকৰ ছবিৰ বিষয়বস্তুয়ে আকৰ্ষণ কৰিছিল জনসাধাৰণক।
Add comment