সুশান্ত সিং ৰাজপুতৰ বিষয়টোত জড়িত থকা বা জড়িত নথকা প্ৰত্যেকেই নিজাববীয়া মন্তব্য প্ৰকাশ কৰিছে। কোনোৱে যদি তদন্তৰ কথা ব্যক্ত কৰিছে আনহাতে কোনোৱে এই বিষয়ত সম্পূৰ্ণ মৌনতা প্ৰকাশ কৰিছে। এইবাৰ এই বিষয়ত নিজ মত ব্যক্ত কৰি তাপসি পান্নুৱে কৈছে যে কিয় ন্যায়পালিকাৰ ঘোষণাৰ পূৰ্বেই কোনোবা এজনক দোষী সাৱস্ত্য কৰা হৈছে! আচলতে, অভিনেত্ৰী গৰাকীয়ে এটা টুইটক ৰিটুইট কৰি লিখিছ যে, “মই ব্যক্তিগত ভাৱে সুশান্তকো নাজানো অথবা ৰিয়াকো চিনি নাপাওঁ।” কিন্তু এইটো জানো যে ইয়াক বুজিবলৈ এজন মানৱ হোৱাটো প্ৰয়োজন যে কোনো এজন দোষী হোৱাৰ পূৰ্বে তেওঁক দোষী বুলি মন্তব্য কৰাটো সূস্থ মানসিকতা নহয়। এতিয়া লৈকে ন্যায়পালিকাই কোনো স্পষ্টীকৰণ দিয়া নাই; নিজৰ বুদ্ধি তথা বিশ্বাসত বিশ্বাস ৰাখি আৰু মৃত ব্যক্তি গৰাকীৰ আত্মাৰ শান্তিৰ কথা চিন্তা কৰি প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখক।”


চুপ্ৰিম কোৰ্টৰ আদেশৰ পিছত সুশান্ত সিং ৰাজপুতৰ বিষয়টো চি.বি.আইলৈ লৈ যোৱা হৈছে। চলিত বৰ্ষৰ ১৪ জুন তাৰিখে নিজ বাসগৃহতেই মৃত অৱস্থাত প্ৰাপ্ত অভিনেতা গৰাকীৰ বৰ্তমানলৈ কোনো শুদ্ধ তথ্য বাহিৰলৈ অহা নাই। অভিনেতা গৰাকীৰ মৃত্যুৰ এমাহ পিছত তেওঁৰ পিতৃ কে.কে সিঙে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। চি.বি.আইয়ে ইতিমধ্যে তিনি দিন ৰিয়া চক্ৰৱৰ্তীক আৰু আন কেইবাগৰাকীও লোকক সোধ-পোছ কৰিছে।
Add comment