Rupaliparda.com
সংজ্ঞাহীন প্ৰেমৰ কিছু অনুভূতিক লগত লৈ আহি আছে "মোৰ কপালত"- 1

সংজ্ঞাহীন প্ৰেমৰ কিছু অনুভূতিক লগত লৈ আহি আছে “মোৰ কপালত”-

আমি আচলতে সকলোৱে উমৈহতীয়াকৈ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত। কাৰণ আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰোমান্টিক গীত সমূহৰ নিজ এক সুকীয়া বৈশিষ্ট্য আছে, হৃদয় চুবলৈ সক্ষম হোৱা একোটা সংগীতক জনসাধাৰণে ইমান বেছি শ্বেয়াৰ কৰিবলৈ লয় যে ই ক্ষন্তেকতে ভাইৰেল ও জনপ্ৰিয় হৈ পৰে। কিছু প্ৰেম প্ৰেম লগা অনুভূতিৰে শ্ৰোতাৰ কাষ চাপিবলৈ সাজু হৈছে এটি গীত “মোৰ কপালত।” একাংশ নৱপ্ৰজন্মৰ এই সৃষ্টিক লৈ বৰ্তমান অপেক্ষাৰত এওঁলোকৰ অনুৰাগীও।


উক্ত গীতটিত কথা দিছে অৰ্চনা বৰদলৈয়ে আৰু সংগীত পৰিচালনা কৰিছে অমিত সৌকাধৰা আৰু গীতটিত কন্ঠদান কৰিছে প্ৰণামী প্ৰিয়মে। শব্দ সংমিশ্ৰণ কৰিছে ছলেমান মোছাহাৰীয়ে। সংজ্ঞাহীন প্ৰেমৰ কিছু অনুভূতিক লগত লৈয়ে ৰচনা কৰা হৈছে গীতটিক। য’ত তেওঁলোকে নিজেই কৈছে যে, “প্ৰেমৰ আন এটি নাম হৈছে অপেক্ষা। প্ৰিয়জনৰ কেতিয়াবা অপেক্ষা কৰিও ভাল লাগে, নহয়নে? অপেক্ষাৰো এটা সুকীয়া আমেজ আছে। যদি সঁচা ভালপোৱা হয়, প্ৰিয়জনক হেৰুওৱাৰ ভয় লাগি থাকে নহয়নে? কাৰণ আপুনি প্ৰিয়জনক ভালপাই কেতিয়াও হেৰুৱাব নিবিচাৰে। প্ৰিয়জনলে থকা মৰম, তেওঁক লৈ কৰা অপেক্ষা, অভিমান আদিৰে পৰিপূৰ্ণ “মোৰ কপালত” শীৰ্ষক এটি গীত আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ অতি সোনকালে।”

সংজ্ঞাহীন প্ৰেমৰ কিছু অনুভূতিক লগত লৈ আহি আছে "মোৰ কপালত"- 2


যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও নৱপ্ৰজন্মৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.