Rupaliparda.com
সংবাদ মাধ্যম তথা জনসাধাৰণলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ : 1

সংবাদ মাধ্যম তথা জনসাধাৰণলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ :

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জনসাধাৰণ তথা সংবাদ মাধ্যমলৈ বিশেষ অনুৰোধ। চাৰিওফালে সংঘটিত বেয়া তথা দুখ লগা খবৰবোৰৰ বাবেই এই অনুৰোধ জনায় গৰিমাই। সম্প্ৰতি শোকাকুল পৰিস্থিতিয়ে বিৰাজ কৰিছে কেওঁদিশে; কোনোফালে যদি মৃত্যুৰ বাতৰি আনহাতে আকৌ কোনোফালে ক’ৰোণা মহামাৰীয়ে লোৱা ভয়ংকৰ ৰূপ। মুঠতে, অশান্তিময় পৰিৱেশৰ মাজত বৰ্তমান জীৱনযাত্ৰা সম্পন্ন কৰিছে সকলোৱে। এনেক্ষেত্ৰতে গৰিমাই কিছু তথাকথিত জনসাধাৰণে যে বিভ্ৰান্তিকৰ বাতৰি বিয়পাই একাংশক ব্যতিব্যস্ত কৰি তুলিছে সেই কথাও ব্যক্ত কৰে লগতে এই বিষয়ত সংবাদ মাধ্যম সমূহকো বাতৰি প্ৰদান কৰাৰ সময়ত খবৰ সমূহ বাচ-বিচাৰ কৰি জনসাধাৰণৰ মাজত পৰিৱেশন কৰাৰ কথা কয় গৰিমাই। জনসাধাৰণকো গৰিমাই নিজৰ বুদ্ধি-বিবেকেৰে ভাবি-চিন্তি আগবঢ়াৰ বাবে আহ্বান জনায় যাতে তেওঁলোকে যেন ইয়াতকৈ আৰু কোনো বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়। চচিয়েল মিডিয়াত বহুল ৰূপত সক্ৰিয় আৰু সৰ্বসাধাৰণৰ ৰাইজৰ ভিন্ন বিষয়ত সক্ৰিয় হৈ মাত মতাত সদায় আগবাঢ়ি থাকে হাৰ্টথ্ৰৱ গৰাকীৰ পত্নী গৰিমা।

সংবাদ মাধ্যম তথা জনসাধাৰণলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ : 2
সংবাদ মাধ্যম তথা জনসাধাৰণলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ : 3


সংগীতৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে পৰোক্ষ ভাৱে জড়িত থকা গৰিমাৰ কথাৰে শেহতীয়াকৈ লাভ কৰিছিল এটি গীতৰ মুক্তি । “আকাশ হেঁপাহ” শীৰ্ষক এই গীতটিয়ে অতি কম দিনৰ ভিতৰতেই জনসাধাৰণৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল সমাদৰ। শিৱসাগৰৰ ৰুদ্ৰসিংহ ৰিজোৰ্টত এই গীতটিক গৰিমাই ৰচনা কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান ইউটিউবত উপলদ্ধ এই গীতটিত ভিউৱাৰচৰ সংখ্যাও সৰ্বাধিক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform