Rupaliparda.com
"ৰসৌড়ে মে কৌন থা"?? ক'লে অক্ষয় কুমাৰেঃ 1

“ৰসৌড়ে মে কৌন থা”?? ক’লে অক্ষয় কুমাৰেঃ

বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়াত এটা প্ৰশ্নৰ উত্থাপন হৈছে; যিটো হৈছে “ৰসৌড়ে মে কৌন থা?” এই প্ৰশ্নৰ উত্তৰত সৰ্বসাধাৰণৰ লগতে বলীউডৰ চিলেব্ৰেটীও সাঙুৰ খাইছে। এইবাৰ এই প্ৰশ্নত নিজৰ উত্তৰ দিয়ে অভিনেতা অক্ষয় কুমাৰে। তেওঁ শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত; য’ত তেওঁৰ সৈতে দেখিবলৈ পোৱা গৈছে বীয়েৰ গ্ৰীল্সক। এই ফটোখন “ইন টু ডা ৱাইল্ড” ৰ খণ্ডৰ পৰা তুলি অনা। ফটোখনত বীয়েৰ গ্ৰীল্সে শুকান ঘাঁহক লৈ অৰণ্যত জুই জ্বলাই আছে আৰু বীয়েৰ গ্ৰীল্সৰ এনে কাৰ্য্যক চাইছে অক্ষয় কুমাৰে। অভিনেতা গৰাকীয়ে এই ফটোখনৰ কেপছন দি কয় যে, “ৰসৌড়াত বীয়েৰ আছিলে।” ইয়াৰ লগতে তেওঁ সোধে যে “আপোনালোকে জানেনে তেওঁ কি বনাই আছে?” অক্ষয় কুমাৰে বিগত সপ্তাহৰ পৰা টুইট কৰি Man Vs Wild ৰ আগন্তুক খণ্ডৰ বিভিন্ন তথ্য জনসাধাৰণৰ মাজত ব্যক্ত কৰে। হাতীৰ বিষ্ঠাৰে বনোৱা চাহ খাইও যে অক্ষয় কুমাৰ আশ্চৰ্য্যক হৈ পৰে তাকো কয়।”মোৰ “ইন টু ডা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত হ’বলগীয়া দুঃসাহসিক কামবোৰৰ এক অনুমান হৈছিল কিন্তু মোক বিয়েৰ গ্ৰীল্সে “Elephant Poop Tea” খুৱাই আচম্বিত কৰি দিলে।”

https://twitter.com/akshaykumar/status/1301791271372038145?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1301791271372038145%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-akshay-kumar-rasode-mein-kaun-tha-moment-shares-photo-with-into-the-wild-with-bear-grylls-20707562.html
"ৰসৌড়ে মে কৌন থা"?? ক'লে অক্ষয় কুমাৰেঃ 2


এই খণ্ডটো ১১ চেপ্তেম্বৰ তাৰিখে টেলিভিছন পৰ্দাত সম্প্ৰচাৰিত কৰা হ’ব। চেনেলে নিজ ব্যক্তিগত একাউন্টত এই খণ্ডটোৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে, “আমি মাত্ৰ এটাই কথা ক’ব পাৰো যে #IntoTheWildWithBearGrylls ৰ এই খণ্ডটো ৰোমাঞ্চক আৰু মনোৰঞ্জনপূৰ্ণ হ’ব।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.