নৱপ্ৰজন্মৰ বাবে একোখন একঘেয়ামী ধাৰাবাহিক তথা একোখন ছবিতকৈ অধিক প্ৰাধান্য লাভ কৰিছে একোখন ৱেব ফিল্ম অথবা একোখন ৱেব চিৰিজে। এইক্ষেত্ৰত নৱপ্ৰজন্মৰ ইচ্ছাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে নতুনকৈ ৰাইজৰ সমুখলৈ অহা ৰাইজৰ আৱেগ NK Production য়ে; এওঁলোকৰ এতিয়াৰ সৃষ্টি অথবা বিষয়বস্তু বোৰৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ ইয়াক লৈ থকা উৎকন্ঠাও হৈছে তুংগত। শেহতীয়াকৈ Nk Bigstar ত মুক্তি লাভ কৰিছিল Losers শীৰ্ষক এখন ৱেব ফিল্ম; ক্ৰাইমধৰ্মী এই ৱেব ফিল্ম খনেও আকৰ্ষণ টানিছিল দৰ্শকক। ৱেব ফিল্মৰ কাহিনী, বিষয়বস্তু আদিৰ চৰ্চা হোৱাও দেখিবলৈ পোৱা গৈছিল। “Losers” ৰ পৰিচালক মনুজিৎ শৰ্মাৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক এন.কে প্ৰডাকচনৰ লগতে তেওঁৰ নতুন সৃষ্টিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “Nk Production য়ে আৰম্ভণিৰ পৰাই মনোৰঞ্জন ক্ষেত্ৰখনত এক সুকীয়া ভূমিকা পালন কৰি আহিছে। তেওঁলোকে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট কাম কৰাৰ বাবে হয়টো ইয়াক লৈ দৰ্শকৰ যথেষ্ট উৎসাহো দেখিবলৈ পোৱা গৈছিল। এইবাৰ Nk Production ৰ সৈতে মই জড়িত হ’লো। মোক এখন ৱেব ফিল্ম কৰাৰ সুবিধা দিলে; তেওঁলোকে নতুনকৈ মুকলি কৰা এপ Nk Bigstar ত এই ছবিখন সম্প্ৰচাৰিত কৰা হ’ল; যদি মোক এই ছবিখনক লৈ কি নতুন প্ৰয়াস কৰাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়াহ’লে মই ক’ব লাগিব যে ৱেব ফিল্ম অথবা ৱেব চিৰিজ বস্তুটোৱে একেবাৰে নতুন।”

আগলৈ তেওঁ কয় যে, “এই ৱেব চিৰিজ, ফিল্ম বোলা কথাটো নৱপ্ৰজন্মই বিশেষভাৱে আকোঁৱালি লোৱা এটা মাধ্যম। যিহেটো মই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি পৰিচালকৰ ছবি সমূহ চাওঁ বা চাবলৈ চেষ্টা কৰো, তেওঁলোকে কেনেদৰে এটা বিষয়ক উপস্থাপন কৰে সেইসমূহ চাবলৈ চেষ্টা কৰো গতিকে এই আটাইবোৰৰ লগতে যেতিয়া মই নিজৰ কাম কৰা অভিজ্ঞতা সমূহ সন্নিৱিষ্ট কৰি লওঁ তেতিয়া কাম সমূহক আৰু অলপ বেছি গ্ৰহণযোগ্য কৰি দৰ্শকৰ কাষ চপাবলৈ মই চেষ্টা কৰো। কিন্তু, অসমত কাম কৰিলে আমি অথবা Nk Bigstar যিহেটো এটা নতুন এপ গতিকে এনেক্ষেত্ৰত আমাৰ বহুখিনি বাধ্যবাধকতা আছে আৰু আমি সেইখিনিক লৈ ভাল কিবা এটা কেনেদৰে ৰাইজৰ মাজত উলিয়াব পাৰি তাৰ প্ৰয়াস কৰিছো; ন-ন অভিনেতা-অভিনেত্ৰীক সুবিধা দিয়াৰ চেষ্টা কৰিছো। মই ভাৱো সকলোৱে ভাল কাম কৰিছে আৰু সঁচাকৈ তেওঁলোকে ভাল কাম কৰাৰ বাবে ভাল বিষয়বস্তু ওলাই আহিছে দৰ্শকে আকোঁৱালি ল’ব পৰাকৈ। আহিবলগীয়া সময়ত আকৌ Nk Production য়ে আৰু ভাল কাম কৰক তাৰেই আশা কৰিছো।”


মনুজিৎ শৰ্মাক তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,”মোৰ আগন্তুক প্ৰকল্প 70mmFlix ৰ সৈতে আৰম্ভ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ এই এপটোত ভিন্ন ছবি তথা ৱেব চিৰিজ মুকলি কৰা হৈ আছে। গতিকে এই এপটোৰ বাবেই মই এখন ছবিৰ কাম কৰি আছো; যিখনৰ চিত্ৰনাট্য মোৰ নিজৰেই। ছবিখনৰ নাম হৈছে “চক্ৰ”; ইয়াত কেইবাগৰাকীও নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ অভিনয় দেখিবলৈ পাব দৰ্শকে। যিসকলে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি আহিছে।”
Add comment