Rupaliparda.com
"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 1

“মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়”- মৃণাল ডেকা

বৰ্তমান চুটি ছবিৰ সময়; বিগত ৬ মাহ ধৰি বন্ধ হৈ থকা চিত্ৰগৃহ সমূহৰ বাবে একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিয়ে নিজৰ বিকল্প পথ বাচি উলিয়াইছিল। ডিজিটেল প্লেটফৰ্মৰ বাহিৰেও জনসাধাৰণক মনোৰঞ্জন দিব বাবে এতিয়া একোখন সুন্দৰ চুটি ছবিৰে আগবাঢ়িছে একোজন নৱপ্ৰজন্মৰ উঠি অহা পৰিচালক; তেওঁলোকৰ এই নিৰ্মাণ যে কেৱল দৰ্শকৰ মাজতেই সীমাৱদ্ধ হৈ আছে তেনে নহয়। তেওঁলোকৰ চুটি ছবি সমূহে সঁহাৰিও লাভ কৰিছে ভিন্ন খন ছবি সমাৰোহত। এনে একাংশ পৰিচালকৰ ভিতৰত এগৰাকী হৈছে; মৃণাল ডেকা। তেওঁৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মাণ হোৱা চুটি ছবি “প্ৰভাত” য়ে কেইবাখনো ছবি সমাৰোহত মনোনয়নৰ সুযোগ লাভ কৰিছে। তেওঁৰ “মঙহ দহাৰ গোন্ধ” খন অতি সোনকালেই দৰ্শকৰ মাজলৈ আহি আছে। আচলতে, একোজন নৱপ্ৰজন্মৰ পৰিচালক ৰূপে তেওঁ কি বিচাৰে অথবা কেনেধৰণৰ বিষয়বস্তুয়ে তেওঁক আকৰ্ষণ কৰে সেয়া দৰ্শকে জনাটো প্ৰয়োজন হৈ পৰে। বহু সময়ত আমি একোজন পৰিচালকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হওঁ, তেওঁৰ বিষয়বস্তুৱে আমাক আপ্লুত কৰে গতিকে এনেক্ষেত্ৰতেই আমি এইগৰাকী নৱপ্ৰজন্মৰ পৰিচালক মৃণাল ডেকাৰ সৈতে আজিৰ দেওঁবৰীয়া বিশেষত পাতিম কিছু কথা। চাওঁচোন আহকঃ

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 2

প্ৰশ্নঃ বৰ্তমান অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সংগীত অথবা ছবিতেই হওঁক কেনে বিষয়বস্তুৰ আৱশ্যক বুলি আপুনি ভাৱে?

মৃণাল ডেকাঃ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত থকা প্ৰতিটো বিষয়বস্তুয়ে কোনোবাখিনিত তুলনামূলকভাৱে সুন্দৰ। কিন্তু কথাবোৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে নিৰ্মাণ হ’ব নালাগে; যিটোৱে বিষয়বস্তু গ্ৰহণ নকৰে কিয় প্ৰতিটোতে অকণমান অধ্যয়নৰ প্ৰয়োজন। “লক-ডাউন” ৰ সময়ছোৱাত আমি বহু ন-ন প্ৰতিভা দেখিছো আৰু তেওঁলোকৰ কাৰ্য্যক আমি সঁহাৰিও জনাইছো। গতিকে কেনে বিষয়বস্তুৰ আৱশ্যক বুলি ক’লে মই এটাই কথা ক’ম যে যিকোনো বিষয়বস্তুৱে নহওঁক কিয়! তাৰ ওপৰত অধ্যয়নৰ দৰকাৰ; থুলমূলকৈ কিবা এটা কৰিলেই যে সি দৰ্শকক আকৰ্ষণ কৰিব সেয়া মিছা কথা। বৰ্তমান দৰ্শকেও কোনো এটা বিষয়ৰ পৰা তেওঁলোকে কি পালে সেয়া জানিবলৈ আগ্ৰহ কৰে।

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 3

প্ৰশ্নঃ সম্প্ৰতি বহু চুটি ছবিৰ নিৰ্মাণ হোৱা আমি দেখিছো; এনেক্ষেত্ৰত মনোৰঞ্জন জগতখনৰ ভাল দিশৰ উদ্ঘাটন হৈছে নে বস্তুবোৰ সুলভ হৈ পৰিছে?

মৃণাল ডেকাঃ সম্প্ৰতি সময়ত চুটি ছবিকে ধৰি বিভিন্ন ধৰণৰ গীত, ৱেব চিৰিজ আদিৰ পূৰ্ণৰূপত নিৰ্মাণ হৈছে। ইয়াৰ কিছুমান ঠাইত নিৰ্মাতাসকলৰ প্ৰতিভা ফুটি উঠিছে যদিও কিছু ঠাইত ই সুলভ হৈ পৰিছে। তেওঁলোকে ভাৱে যে এখন ছবি নিৰ্মাণ বৰ সহজ কাম; সেইটো কাৰণে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্ন ঠাইত ইয়াৰ কন্টেন্ট বোৰৰ মানদণ্ড বোৰ কমি গৈছে। মোৰ মতে, কোনো নৱপ্ৰজন্মৰ পৰিচালকেই হওঁক বা অভিনেতা-অভিনেত্ৰী অথবা লিখকেই হওঁক তেওঁলোকে নিজ মানদণ্ড সদায় বৰ্তাই ৰাখিব লাগে। এই “লক-ডাউন” ৰ সময়তে বহু বিষয়বস্তুৰে সৃষ্টি হোৱা একোখন চুটি ছবি আমি দেখিছো। কিন্তু কথাটো হ’ল যে যদিহে ইয়াত তেওঁলোকে আৰু যদি অকণমান সময় দিলেহেঁতেন তেতিয়াহ’লে ই আৰু অধিক সুন্দৰ হৈ পৰিলেহেঁতেন। সংখ্যাগত মানদণ্ডতকৈ দৰ্শকে বৰ্তমান গুণগত মানদণ্ডত অধিক বিশ্বাস কৰে আৰু সেই একেই অনুভৱ মইও কৰো।

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 4

প্ৰশ্নঃ পৰিচালক ৰূপে এখন ছবি নিৰ্মাণত কি বস্তুৰ ওপৰত অধিক গুৰুত্ব আপুনি দিয়ে?

মৃণাল ডেকাঃ পৰিচালক ৰূপে মই মোৰ চুটি ছবিখনৰ প্ৰথমতে বিষয়বস্তুটোৰ ওপৰত অধিক গুৰুত্ব দিওঁ; সেইবাবেই হয়টো মোৰ কাম কম। যি বিষয়বস্তুৱে সমগ্ৰ জনসাধাৰণক নহ’লেও এচাম দৰ্শকৰ হৃদয় চুব পাৰিব, তেওঁলোকৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব তেনে বিষয়বস্তুৰ ওপৰত মই অধিক গুৰুত্ব প্ৰদান কৰো।

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 5

প্ৰশ্নঃ নৱপ্ৰজন্মৰ পৰিচালক ৰূপে কিবা সুকীয়া প্ৰচেষ্টা?

মৃণাল ডেকাঃ আগতেও তোমাক কৈছো যে, মোৰ কাম যথেষ্ট কম কিয়নো মই একোটা ভাল বিষয়বস্তুৰ আশাত ৰৈ থাকো। তুমি নিজেও চাগে লক্ষ্য কৰিছা যে একোখন ছবিতকৈ একোখন ৱেব চিৰিজ নাইবা একোখন ৱেব ফিল্মে দৰ্শকৰ অধিক গুৰুত্ব লাভ কৰি আহিছে। গতিকে এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক ৰূপে মই সেই নিৰ্দ্দিষ্ট বস্তুটোত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰো। সামাজিকেই হওঁক অথবা মনোৰঞ্জনধৰ্মীয়েই হওঁক, মই পৰিচালক ৰূপে যিয়ে নিৰ্মাণ নকৰো কিয়! তাৰ পৰা সুন্দৰ বাৰ্তা জনসাধাৰণলৈ পঠিয়াবলৈ মই চেষ্টা কৰো।

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 6

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

মৃণাল ডেকাঃ আগন্তুক প্ৰকল্প ৰূপে মই বিগত এটা বছৰৰ পৰা এখন ৱেব চিৰিজৰ পৰিকল্পনা কৰি আছো; কথা বতৰা চলি আছে। আনহাতে, মোৰ চুটি ছবি “মঙহ দহাৰ গোন্ধ” খন অতি সোনকালেই দৰ্শকৰ মাজলৈ আহি আছে। ছবিখনৰ বৰ্তমান পোষ্ট প্ৰডাকচনৰ কাম চলি আছে। লগতে, আন কেইবাখনো চুটি ছবিৰ বিষয়ে ভাবিছো; চাওঁচোন আগন্তুক সময়ত কেনেদৰে সফল হওঁ।

"মোৰ মতে, এখন ছবি নিৰ্মাণ বৰ সহজ কাম নহয়"- মৃণাল ডেকা 7

ৰূপালীপৰ্দাঃ ধন্যবাদ মৃণাল। আপোনাৰ আগন্তুক প্ৰকল্পৰ সফলতাৰ কামনা কৰিলো।

মৃণাল ডেকাঃ ধন্যবাদ ৰূপালীপৰ্দা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform