Rupaliparda.com
"জোনাকী পৰুৱা" ৰ সফলতাঃ দৰ্শকৰ বহুল সঁহাৰি- 1

“জোনাকী পৰুৱা” ৰ সফলতাঃ দৰ্শকৰ বহুল সঁহাৰি-

একাংশ সুন্দৰ বিষয়বস্তুৰ মাজত এখন ছবিয়ে মুক্তিৰ পূৰ্বৰ পৰাই লাভ কৰি আহিছে চৰ্চা; অসমীয়া দৰ্শক বুলিয়ে নহয় ছবিখনক লৈ চৰ্চা হৈছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো। “জোনাকী পৰুৱা (Fire flies)”; সকলোৱে শুনিবলৈ পোৱা এটা নাম। এই ছবিখন বৰ্তমান উপলদ্ধ হৈছে ডিজিটেল প্লেটফৰ্ম Moviesaints.com ত। ছবিখনৰ উপলদ্ধতাৰ পিছতেই ইয়াৰ ওপৰত দৰ্শকৰ মতামত হৈছে লেখত ল’বলগীয়া; সমকামীতাৰ বিষয়বস্তুক লৈ নিৰ্মিত এই ছবিখনৰ পৰিচালনা আছিল প্ৰকাশ ডেকাৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এই ছবিখনে সমাজৰ এক অংশক ৰাইজৰ মাজত উপস্থাপন কৰাত সফল হোৱাৰ উপৰিও উক্ত বিষয়বস্তুটো সন্দৰ্ভত জনসাধাৰণক ভাবিবলৈ বাধ্য কৰি তুলিছে ছবিখনে। পৰিচালনাৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপো হৈছে প্ৰকাশ ডেকাৰ। মিলিন দত্ত আৰু Vortex Films ৰ যুঁটীয়া প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনক লৈ প্ৰকাশ ডেকাই ইতিমধ্যে এক সাক্ষাৎকাৰ যোগে ৰূপালীপৰ্দাক জনাইছিল যে, “স্বাধীনভাৱে বনোৱা মোৰ এই ছবিখনেটো এতিয়ালৈ দৰ্শকক মনোৰঞ্জন কৰোৱাৰ লগতে হৃদয়স্পৰ্শী বিষয় এটাৰে আগবাঢ়ি দৰ্শকৰ কাষ চপা যেন অনুভৱ হৈছে গতিকে আহিবলগীয়া সময়তো ছবিখন মুক্তি লাভ কৰা পিছত ঘৰুৱা দৰ্শক খিনিয়েও ছবিখনক আকোঁৱালি ল’ব যেন মোৰ ভাৱ হয়।”

"জোনাকী পৰুৱা" ৰ সফলতাঃ দৰ্শকৰ বহুল সঁহাৰি- 2
"জোনাকী পৰুৱা" ৰ সফলতাঃ দৰ্শকৰ বহুল সঁহাৰি- 3


পৰিচালকগৰাকীৰ এই কথা যেন সত্য ৰূপে পৰিগণিত হ’ল। এক হৃদয়স্পৰ্শী বিষয়বস্তুত দৰ্শকেও পাৰ্যমানে সহাঁৰি জনালে। চচিয়েল মিডিয়াত আপোনালোকেও প্ৰায়ে হয়টো এই ছবিখনৰ বহুল চৰ্চা দেখিবলৈ পাইছে। উল্লেখ্য যে, ছবিখনৰ মূখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে ক্ৰমে বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীয়ে ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform