সুশান্ত সিং ৰাজপুত আৰু সাৰা আলি খানৰ সম্পৰ্ক কেইবাবাৰো সংবাদ মাধ্যম তথা জনসাধাৰণৰ মাজলৈ আহিছে। দুয়োৰে যুঁটিটোক পচন্দও কৰিবলৈ লৈছিল অনুৰাগীয়ে। “কেদাৰনাথ” ছবিখনৰ পিছত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছিল; কিন্তু পিছলৈ তেওঁলোকৰ প্ৰেম বিচ্ছেদৰ খবৰ ওলাবলৈ লয়। বৰ্তমান এই বিষয়ত নিজ মন্তব্য ব্যক্ত কৰে সুশান্ত সিং ৰাজপুতৰ ফাৰ্ম হাউচৰ মেনেজাৰ ৰইসে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত ৰইসে কয় যে, “সাৰা আলি খান ২০১৮ চনৰ পৰাই সুশান্তৰ ফাৰ্ম হাউচত আহিবলৈ লৈছিল। তেওঁলোক যেতিয়াই ফাৰ্ম হাউচলৈ আহিছিল তেতিয়াই তেওঁলোক ৩-৪ দিনলৈ তাত সময় কটাইছিল। সেই ২০১৮ চনত ডিচেম্বৰ মাহত যেতিয়া সুশান্ত আৰু সাৰা থাইলেণ্ড ট্ৰীপৰ পৰা উভতিছিল তেতিয়া তেওঁলোক ৰাতি দেৰিকৈ ফাৰ্ম হাউচলৈয়ে গৈছিল আৰু সেই সময়ত তেওঁলোকৰ সৈতে এগৰাকী বন্ধুও আছিল।”


মেনেজাৰ গৰাকীয়ে সুশান্তে সাৰাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সাজু হৈছিল বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে, “সাৰা বৰ সাধাৰণ প্ৰকৃতিৰ আছিল আৰু ফাৰ্মহাউচৰ কৰ্মচাৰী সকলৰ প্ৰতি তেওঁৰ যথেষ্ট ভাল ব্যৱহাৰ আছিল। সুশান্তে সাৰাক তেওঁলোকৰ দমন ট্ৰীপৰ সময়ত প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সাজু হোৱাৰ উপৰিও কোনো উপহাৰো দিবলৈ খুজিছিল। কিন্তু তেওঁলোক সেই ট্ৰীপটোলৈ যাব নোৱাৰিলে, তাৰ পিছত তেওঁলোকৰ আন এটা কোনো কাৰণবশত বন্ধ হৈছিল। গতিকে তাৰ পিছত মই শুনিলো তেওঁলোকৰ ব্ৰেক আপ হৈ গ’ল। আচলতে ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা সুশান্তৰ ফাৰ্মহাউচলৈ সাৰা অহাও নাছিল।”
Add comment