Rupaliparda.com
পুনৰ "বন্ধুত্ব" ক জীঁয়াবলৈ আগবঢ়া ৫ গৰাকী বন্ধুৰ কাহিনীৰে চুটি ছবি "RoadTrip" 1

পুনৰ “বন্ধুত্ব” ক জীঁয়াবলৈ আগবঢ়া ৫ গৰাকী বন্ধুৰ কাহিনীৰে চুটি ছবি “RoadTrip”

“বন্ধুত্ব” সদায় ৰঙীণ; পৃথিৱীৰ একোজন ব্যক্তি বিশেষৰ প্ৰতিটো সম্পৰ্কৰ সমান্তৰালকৈ এজন এনে বন্ধু থাকে যিয়ে তেওঁক সকলো সময়ত শুদ্ধ পথৰ সন্ধান দিয়ে। এওঁলোকৰ পৰা আঁতৰি থকাটো কষ্টকৰ হৈ পৰাৰ লগতে জীৱনে দিয়া তিঁতা-মিঠা বোৰত সদায় প্ৰয়োজন হয় একোজন প্ৰকৃত বন্ধুৰ; যিয়ে নিদিয়ে উদাস হ’বলৈ। এনে কিছু বন্ধুৰ সৈতে আপুনিও হয়টো কেতিয়াবা একেটা ৰুমতে থাকি জীৱন নিৰ্বাহৰ পৰিকল্পনা কৰিছে, নহয়নে? আচলতে, এনে কিছু পৰিকল্পনা সকলোৱে কৰে। একেলগে এখন দোকান খোলা নহ’লে একেখন ৰভাৰ তলত বহি বিয়া পতা আদি ক’ত কিমান কথা যে পতা নহয় এই “বন্ধু” বোলা জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তি কেইজনৰ সৈতে। “বন্ধু” ৰ “বন্ধুত্ব” ৰ বান্ধোন ডালত স্বাৰ্থপৰতা নাথাকে; বৰ্তমান যদিও সময় সলনি হৈছে, বিজ্ঞানৰ আগ্ৰাসনত পৰি চচিয়েল মিডিয়াত সকলোৱে বন্ধুৰ সন্ধান চলাইছে, তৎস্বত্বেও একোজন প্ৰকৃত বন্ধুৰ সংজ্ঞা কিন্তু কোনেও সলনি কৰিব পৰা নাই। প্ৰেম, বিষাদ, পৰিস্থিতিৰ ভয়াৱহতা ইত্যাদি একাংশ বিষয়ৰ ওপৰত নিৰ্মিত কেইবাখনো চুটি ছবি আমি উপভোগ কৰিছো। এইবাৰ “বন্ধু” আৰু “বন্ধুত্ব” ৰ ওপৰত নিৰ্মাণ হোৱা এখন চুটি ছবিয়ে আকৰ্ষণ কৰিছে জনসাধাৰণক। V Six Motion ৰ নিবেদনত নিৰ্মিত এই চুটি ছবিখনৰ নাম হৈছে “RoadTrip”।


অভিনৱ কাশ্যপৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনে শেহতীয়াকৈ একাংশ জনসাধাৰণক পূৰণি অথবা স্কুলৰ সেই এৰি অহা দিনবোৰৰ এক সোঁৱাদ দিবলৈ সক্ষম হৈছে। চুটি ছবিখনৰ কাহিনীটোক আধৰুৱা কৰি এৰি দিয়া হৈছে যদিও ই দৰ্শকক নিজৰ অতীত জীৱনলৈ যে ঘূৰাই নিব সেয়া নিশ্চিত। ৫ গৰাকী বন্ধুুয়ে পুনৰ এবাৰ নিজৰ পূৰণি স্কুলীয়া স্মৃতি জীয়াবলৈ অহা “Roadtrip” ত আপুনিও দেখিবলৈ পাব নিজক। ইয়াত অভিনয় কৰিছে নন্দিনী কাশ্যপ, অয়নজিৎ দেৱ শৰ্মা , থুৰীয়া শইকীয়া, জুবিন দাস আৰু ধ্ৰুৱ জ্যোতি বৰ্মনে। ধৃতিমান বড়ো আৰু কুলদীপ আহান গোস্বামীৰ চিত্ৰনাট্য তথা হাৰ্দিক কাশ্যপ আৰু অমল ৰয়ৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত চুটি ছবিখনৰ চাউণ্ড ধ্ৰুৱ হাজৰিকাৰ। সহকাৰী দৃশ্যগ্ৰহণকাৰী যুগল শইকীয়া আৰু এৰিয়েল শ্ব’টচ ডেভিদ ৰাজখোৱাৰ।

পুনৰ "বন্ধুত্ব" ক জীঁয়াবলৈ আগবঢ়া ৫ গৰাকী বন্ধুৰ কাহিনীৰে চুটি ছবি "RoadTrip" 2


মানৱ জীৱন কঠিন আৰু সংগ্ৰামভিত্তিক লগতে পূৰ্বতকৈ মানসিকতা জটিল হ’লেও বৰ্তমান সমযয়তো এনে কিছু বস্তু আছে যি সদায় একেই হৈ আছে। অনুভৱ, আশা, আকাংক্ষা ইত্যাদি সকলোবোৰ একেদৰে জড়িত হৈ আছে। ব্যস্ততাই মাধমাৰ মাৰিলেও “বন্ধু” ৰ বাবে থকা সময়ত মোহৰ লাগে “বন্ধুত্ব” ৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform