বৰ্তমান একাংশ সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত হৈছে একাংশ নৱপ্ৰজন্মৰ উদীয়মান যুৱক-যুৱতী। সম্প্ৰতি সময়ত বৰ্দ্ধিত হাৰত দেখিবলৈও পোৱা গৈছে চুটি ছবি। তাৰ কাহিনী, চৰিত্ৰ সমূহৰ সৈতে আজিৰ নৱপ্ৰজন্মই দেখুওৱা ঘনিষ্ঠতা মন কৰিবলগীয়া। শেহতীয়াকৈ মুক্তি লাভ কৰিছিল এখন চুটি ছবি “দূৰে দূৰে”। প্ৰেম তথা আৱেগৰ এক অন্য ৰূপক উপস্থাপন কৰিছিল নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক বেদান্তই। চুটি ছবিখন আকোঁৱালিও লৈছিল জনসাধাৰণে; ইয়াৰ কাহিনীৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছিল যুৱপ্ৰজন্মই। ছবিখনৰ পৰিচালক গৰাকীৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “কাহিনী লিখাৰ প্ৰতি আগ্ৰহ আছিল সৰুৰে পৰা; পৰিচালনাৰ সৈতেই যে জড়িত হ’ম কেতিয়াও ভবা নাছিলো। কিন্তু, সঁচা কথা ক’বলৈ গ’লে, কাহিনী বোৰ লিখি সেই কাহিনীবোৰক ছবি আকাৰ দিবলৈ বহুত হেঁপাহ আছিল আৰু সেই হেঁপাহ তথষ ইচ্ছাৰ বাবে এদিন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ ” অসম বন্ধ ” শীৰ্ষক এখন চুটি ছবি; চুটি ছবিখনে বহুতৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ উপৰিও বহুল ৰূপত সমাদৰো লাভ কৰিছিল । চুটিছবি খন বহু ক্ষেত্ৰত দুৰ্বল আছিল যদিও কাহিনী আৰু পৰিচালনাৰ ক্ষেত্ৰত সবল আছিল; ইয়াৰ উপৰিও এই চুটি ছবি খনৰ বাবে একাংশ কন্ঠ শিল্পীয়ে মোৰ ওচৰ চাপিছিল গানৰ ভিডিও বনাবলৈ । তেনেকৈ আৰম্ভ হৈছিল পৰিচালক হিচাপে মোৰ জীৱনৰ এক নতুন অধ্যায় । তাৰ পিছত মায়াবিনী ( A Reprise version of Deba geetz ) , চাকনৈয়া , শেষ , মৰম অভিনয় , এধানী আবেগ আদি গান কৰিবলৈ সক্ষম হওঁ । মোৰ প্ৰথমটো হিন্দী গান ” Kyun Na Ye ” Voice India 2015 ৰ অন্যতম ফাইনেলিষ্ট সৃষ্টি ভাণ্ডাৰীয়ে কন্ঠ দান কৰে । শেহতীয়াকৈ মুক্তি লাভ কৰা “দূৰে দূৰে” মোৰ চতুৰ্থ খন চুটি ছবি ।”

এখন ছবি অথবা চুটি ছবি নিৰ্মাণ কাৰ্য কিমান সহজ বুলি পৰিচালক গৰাকীয়ে ভাৱে? ৰূপালীপৰ্দাই কৰা এই প্ৰশ্নৰ উত্তৰত বেদান্তই কয় যে,”এটা কাহিনী বনাবলৈ যথেষ্ট অধ্যয়ন আৰু বাস্তবিক চিন্তা ধাৰাৰ প্ৰয়োজন হয়; তাতকৈ বেছি অধ্যয়ন আৰু বাস্তৱিক চিন্তাৰ প্ৰয়োজন হয় পৰিচালনা ক্ষেত্ৰ খনত। কাহিনী এটা নিৰ্মাণ কৰি সেই কাহিনীটোক গতি দিয়াৰ পৰা আৰম্ভ কৰি কাহিনীটোৰ মূল অৰ্থৰ কোনো ক্ষতি নোহোৱাকৈ ছবিৰ আঁকাৰ দিবলৈ প্ৰয়োজন হয় সু পৰিকল্পিত এখন চিত্ৰনাট্য আৰু সংলাপ সমূহৰ । চিত্ৰনাট্য আৰু অভিনেতাৰ অভিনয়ৰ মাজেৰে কাহিনীটো ধৰি ৰাখিব পৰা ক্ষমতাটোৱে হৈছে এজন পৰিচালকৰ দক্ষতা। এই দক্ষতা আহৰণ কৰিবলৈ প্ৰয়োজন হয় পৃথিৱীৰ বিভিন্ন ভাষা আৰু বিভিন্ন দেশৰ ছবি উপভোগ কৰা। গতিকে মোৰ মতে, ছবি নিৰ্মাণৰ দ্বাৰা সহজতে দৰ্শকৰ মন জয় কৰাটো ইমান সহজ নহয়।”

বেদান্তৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা হিচাপে কেইবাখনো চুটি ছবি আৰু গানৰ কামত বৰ্তমান ব্যস্ত হৈ আছোঁ। ধাৰাবাহিকৰ কাম কৰিবলৈ আৰু ধাৰাবাহিকত নতুন কাহিনীৰে ভুমুকি মৰাৰ হেঁপাহ মনত পুহি ৰাখিছোঁ। সকলো সুকলমে থাকিলে হয়তো অসম বাসীয়ে নতুন ধাৰাবাহিকৰ সোঁৱাদ ল’বলৈ অতিশীঘ্ৰেই সক্ষম হব ।
Add comment