Rupaliparda.com
আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে আগমন ঘটিব ৰাকেশ ৰিয়ানৰঃ 1

আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে আগমন ঘটিব ৰাকেশ ৰিয়ানৰঃ

আকৌ এবাৰ আন এটা ৰোমান্টিক গীতৰ সৈতে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত আহিবলৈ সাজু হৈছে কন্ঠশিল্পী ৰাকেশ ৰিয়ান। কন্ঠশিল্পী গৰাকীৰ কন্ঠৰ ৰোমান্টিক গীত সমূহে ইতিমধ্যে সকলো শ্ৰোতাক আপ্লুত কৰিবলৈ সক্ষম হৈছে। পুনৰ বাৰ “অ’ মোৰে জান” শীৰ্ষক এটি গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহি আছে ৰাকেশ ৰিয়ান। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। “আছুতীয়া কৈ থ’লো” শীৰ্ষক এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী।

View this post on Instagram

#O_Mure_Jaan Few more days

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on

আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে আগমন ঘটিব ৰাকেশ ৰিয়ানৰঃ 2


ৰাকেশ ৰিয়ানৰ গীত সমূহে মুক্তিৰ পিছতেই জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। “লক-ডাউন” মাজতেই একাংশই কৰা কেতবোৰ সৃষ্টিৰ মুক্তিৰ মাজত উল্লেখনীয় আছিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত সমূহো। ইটো-সিটোকৈ কেইবাটাও গীতে এই সময়ছোৱাতে মুক্তি লাভ কৰিছিল। আহিবলগীয়া তেওঁৰ গীতটোক লৈও বৰ্তমান উৎসাহী কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform