Rupaliparda.com
নেটফ্লিক্সলৈ আগমন কৱীৰ সিঙৰঃ 1

নেটফ্লিক্সলৈ আগমন কৱীৰ সিঙৰঃ

ক’ৰোণা সংক্ৰমণৰ ফলত বিগত ৬ মাহৰ পৰা স্তব্ধ হৈ আছে চিত্ৰগৃহ সমূহ। দেশত আনলকৰ প্ৰক্ৰিয়া যদিও আৰম্ভ হৈছে তথাপিও বৰ্তমান যে ছবিগৃহ সমূহ খুলিব তাৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই। এনে সময়ত সকলো তাৰকা তথা দৰ্শকক আকৰ্ষণ কৰিছে ভিন্ন ডিজিটেল প্লেটফৰ্মে। বলীউড তাৰকা সমূহে তেওঁলোকৰ নিৰ্মাণ ও সৃষ্টি সমূহ বহুল ৰূপত শ্বেয়াৰ কৰিবলৈ লৈছে ডিজিটেল প্লেটফৰ্ম বোৰত। বহু তাৰকা এনেও আছে যিয়ে ডিজিটেল ডেব্যু কৰিবলৈ লৈছে আৰু এনে তাৰকা সমূহৰ ভিতৰত এগৰাকী হৈছে শ্বাহিদ কাপুৰ। তেওঁক অতিশীঘ্ৰেই দেখিবলৈ পোৱা যাব নেটফ্লিক্সত। এখন একচন তথা থ্ৰীলাৰধৰ্মী ছবিত দেখিবলৈ পোৱা যাব অভিনেতা শ্বাহিদ কাপুৰক। ৱেব চিৰিজ খনৰ শীৰ্ষ নামৰ কোনো স্পষ্টীকৰণ সমুখলৈ অহা নাই যদিও ই ভাৰত চৰকাৰৰ “অপাৰেচন কেকটাছ” ৰ সৈতে জড়িত।

নেটফ্লিক্সলৈ আগমন কৱীৰ সিঙৰঃ 2
নেটফ্লিক্সলৈ আগমন কৱীৰ সিঙৰঃ 3


১৯৮৮ চনত মালদ্বীপত ভাৰত চৰকাৰ দ্বাৰা উক্ত অপাৰেচনটোক কাৰ্যকৰী কৰা হৈছিল। ইয়াত শ্বাহিদে বিগ্ৰেডিয়েৰ ফাৰুখ বুলসাৰাৰ চৰিত্ৰ ৰূপায়ন কৰিব; যি গৰাকীয়ে এই অপাৰেচনটোত মূখ্য ভূমিকা লৈছিল আৰু তেওঁক প্ৰশংসা কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো। নেটফ্লিক্সত আহিবলগীয়া এই প্ৰকল্পটোক লৈ বৰ্তমান উৎসাহী শ্বাহিদৰ লগতে তেওঁৰ অনুৰাগী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.