ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সমান্তৰালকৈ সমাদৰ লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী হৈছে আলিস্মিতা গোস্বামী। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “ককাইদেউ বিন্দাছ”, “তুমি মোক ফাঁকি দিলা”, “পৰিক্ৰমা” আদি কেইবাখনো ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা আলিস্মিতাই অসমীয়া ধাৰাবাহিক “আইনা” টো এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। ছবি, চুটি ছবি অথবা মিউজিক ভিডিঅ’ বুলিয়েই নহয়; আলিস্মিতা ব্যস্ত হৈ পৰিছিল ভ্ৰাম্যমাণ জগতখনতো। ঝাৰখণ্ড আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত বলীউডৰ শ্ৰেষ্ঠ নৱাগতাৰ বঁটা বিজয়ী আলিস্মিতাৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। আগন্তুক সময়তো কেইবাটাও প্ৰকল্পত দেখিবলৈ পোৱা যাব উক্ত অভিনেত্ৰী গৰাকীক। চচিয়েল মিডিয়াত বহুল ৰূপত সক্ৰিয় হৈ থকা অভিনেত্ৰী আলিস্মিতাৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা-বতৰা যোগে “লক-ডাউন” ৰ মাজত অভিনেত্ৰী গৰাকীয়ে নিজৰ সৃষ্টিশীলতাত কেনেদৰে গুৰুত্ব দিছিল তাৰ বিষয়ে সোধা হৈছিল; তেতিয়া তেওঁ জনাইছিল যে, “লক-ডাউন” ৰ সময়কণ আমনি দায়ক আছিল সকলোৰে বাবে, প্ৰথমছোৱাত জিৰণি ল’বলৈ সুবিধা পাইছিলো যদিও পিছলৈ ই আমনি দিবলৈ লৈছিল গতিকে এই আমনি বোৰৰ পৰা হাত সাৰিবলৈ মই নিজক সময় দি নিজাববীয়াকৈ কিছু কাম কৰিবলৈ আৰম্ভ কৰিছিলো।”

আলিস্মিতাই কয় যে, “মই ছবি আঁকিছিলো, স্কেচ বোৰ বনাইছিলো। টিক-টকত সক্ৰিয় আছিলো যদিও ই বন্ধ হৈ পৰাৰ পিছতো অনুৰাগী বোৰে ভাল পোৱা বাবে, সঁহাৰি জনোৱা বাবে ফোনতেই ভিডিঅ’ বনাবলৈ লৈছিলো। ইয়াৰ লগতে, এইখিনি সময়ত কিতাপ পঢ়িবলৈ সময় পাইছিলো। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে, এইখিনি সময়ত মই এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ স্ক্ৰীপ্ট লিখি উলিয়াবলৈ সক্ষম হৈছিলো। সাধাৰণ দিনকেইটাত ব্যস্ততাৰ মাজত মই কোনোদিন এইখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলো হয়; নিজ বোধগম্যতা অনুসৰি মই এখন চাইকো’ থ্ৰীলাৰ ধৰ্মী ছবিৰ বাবে স্ক্ৰীপ্ট লিখি উলিয়ালো। অনাগত দিনত নিশ্চয়কৈ এই স্ক্ৰীপ্ট খনৰ ওপৰত কাম কৰিবলৈ পাম বুলি আশা কৰিছো। গতিকে, “লক-ডাউন” ৰ এই সময়খিনি মোৰ এনেদৰেই অতিবাহিত কৰা হৈছিল।” অভিনেত্ৰী গৰাকীক তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত তেওঁ কয়, “হয়, আহিবলগীয়া সময়ত কেইবাটাও প্ৰকল্প মোৰ হাতত আছে। “লক-ডাউন” ৰ আগত সমীৰ বুঢ়াগোঁহাইৰ “দাদা তুমি দুষ্ট বৰ” শীৰ্ষক ছবিখনৰ কাম মোৰ তেজপুৰত চলি আছিল।”

আগলৈ তেওঁ কয় যে, “তাৰ পিছত ডিজিটেল প্লেটফৰ্মত মুক্তি পাবলগীয়া কেইখন মান ৱেব চিৰিজ মোৰ ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে। মিউজিক ভিডিঅ’ ৰ লগতে এখন ধাৰাবাহিকৰ লগতো মোক আগন্তুক সময়ত দৰ্শকে দেখিবলৈ পাব। বৰ্তমানলৈ এইখিনিয়ে পৰিকল্পনা, ইয়াৰ উপৰিও মই নিজৰ ছবিখনৰ কামো আৰম্ভ কৰিম যিখনৰ ইতিমধ্যে চিত্ৰনাট্য-সংলাপ মই সম্পূৰ্ণ কৰিলো।”
Add comment