ড° ভূপেন হাজৰিকা; এগৰাকী বিশ্ববৰেণ্য তথা বিশ্ববিশ্ৰুত শিল্পী। জনপ্ৰিয়তা লগতে তেওঁৰ গীতৰ চৰ্চা শিল্পী গৰাকীৰ জীৱন্ত কালৰ পৰা সম্প্ৰতি সময় আৰু আগন্তুক কেইবাটাও প্ৰজন্মৰ বাবে ই চিৰঞ্জীৱী হৈ থাকিব বুলি একাষাৰেই কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব। ৮ চেপ্তেম্বৰ, ভূপেন হাজৰিকাৰ প্ৰতিজন অনুৰাগীৰ বাবে ই এক বিশেষ দিন। অসমীয়া জন জীৱনৰ এনে এটা বিষয়,এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই। ভূপেন হাজৰিকাক তেওঁৰ জন্মতিথিত সুঁৱৰি অথবা তেওঁক একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে কালিৰ দিনটোত চচিয়েল মিডিয়াত বিভিন্ন জনে বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তেনে ক্ষেত্ৰতেই কালিৰ দিনটোত অসমৰ পতঞ্জলি যোগ সমিতিয়েও ভূপেন হাজৰিকাৰ সোঁৱৰণত অনুষ্ঠিত কৰিছিল সামাজিক মাধ্যমত এক অনুষ্ঠানৰ। নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও কন্ঠশিল্পী লগতে ভূপেন হাজৰিকাৰ অনুৰাগী উপস্থিত হৈছিল এই অনুষ্ঠানটোত।




নৱপ্ৰজন্মৰ কন্ঠশিল্পী নয়নৰ সুৰৰ মূৰ্ছনাৰে এই বিশেষ অনুষ্ঠানৰ আৰম্ভ হয়। আনহাতে মেহজুবিন হুছেইন, নিৰল ঠাকুৰীয়া, প্ৰদীপ দাস আৰু ৰিকুমনি কলিতাৰ কন্ঠৰে ভূপেন্দ্ৰ সংগীত লগতে ভিতালী ৰাভাৰ ৰাভা নৃত্যও প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানটিত। ইয়াৰ উপৰিও, আন কেইবাটাও কাৰ্যসূচী অনলাইন অনুষ্ঠিত কৰি যোগ সমিতিয়ে আয়োজন কৰে এক বিশেষ সন্ধিয়াৰ। পতঞ্জলি যোগ সমিতিৰ সভাপতি তথা সংগীতপ্ৰেমী বিকাশ গোস্বামীয়ে আঁত ধৰে এই অনুষ্ঠানখনৰ। বিজ্ঞানভিত্তিক এই সময়ত য’ত একাংশৰ সময়ৰ অভাৱ হোৱা পৰিলক্ষিত হয়; তেনে সময়ত একাংশ সচেতন জনসাধাৰণৰ দ্বাৰা আয়োজিত এনেবোৰ কাৰ্যসূচী তথা অনুষ্ঠানে বাৰুকৈয়ে আপ্লুত কৰিছে এতিয়া সৰ্বসাধাৰণ ৰাইজক।
Add comment