Rupaliparda.com
পুনৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত জিলিকিছে হৰ্জিৎ দিয়াজঃ 1

পুনৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত জিলিকিছে হৰ্জিৎ দিয়াজঃ

আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে অসম সন্তান। কেইবাটাও নতুন প্ৰকল্পৰে ৰাজ্যৰ তথা ৰাষ্ট্ৰৰ জনসাধাৰণৰ কাষ চপা সংগীত পৰিচালক হৰ্জিৎ দিয়াজৰ আন এক সফলতা। সম্প্ৰতি সময়ত সমাদৰ লাভ কৰা “আশ্ৰম” শীৰ্ষক ৱেব চিৰিজখনৰ সংগীত পৰিচালক ৰূপে পৰিগণিত এই গৰাকী অসম সন্তানৰ কৰ্মক লৈ বৰ্তমান উৎসাহিত হৈ পৰিছে অসমীয়া প্ৰতিজন জনসাধাৰণ। ১৯৯৩ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ২ হাজাৰতকৈও অধিক সংগীত লগতে ১৫ খনতকৈও অধিক ছবি আৰু কেইবাখনো ওৱেব চিৰিজত কৰ্মৰত; ২০০৯ চনত মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰাই সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰা হৰ্জিতৰ নামটো আচলতে বৰ্তমানৰ এক জনপ্ৰিয় নাম। তেওঁৰ “ৰুলা কে গেয়া ইস্ক তেৰা” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তাৰ আঁৰতো আছে এইগৰাকী অসম সন্তান। হৰ্জিৎ দিয়াজে বিগত ২০১৭ চনৰ পৰা ২০১৯ চনলৈ অসমত “বেষ্ট মিউজিক প্ৰগ্ৰামাৰ” ৰ খিতাপ লাভ কৰিছিল।

পুনৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত জিলিকিছে হৰ্জিৎ দিয়াজঃ 2


অসম সন্তানৰ এনে ধৰণৰ সফলতাই প্ৰত্যেকজন অসমীয়াক বৰ্তমান গৌৰম্বান্বিত কৰি তুলিছে; বৰ্তমান পৰিপ্ৰেক্ষিতত অসম সন্তান এগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাই ৰখা সুলভ হৈ পৰিছে। এতিয়া প্ৰতিটো প্ৰকল্পৰ সৈতে এগৰাকী অসমীয়াৰ নাম সংযুক্ত হৈ পৰিছে; আগন্তুক সময়ত এই গৰাকী শিল্পী হৰ্জিৎ দিয়াজৰ বহু প্ৰকল্প ৰাইজৰ সমুখলৈ আহিবলৈ সাজু হৈ আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform