Rupaliparda.com
হৃদয়সিক্ত এজাক বৰষুণৰ গীতেৰে ৰূপম ভূঞাঃ 1

হৃদয়সিক্ত এজাক বৰষুণৰ গীতেৰে ৰূপম ভূঞাঃ

সুন্দৰ কথা তথা সুন্দৰ অনুভূতিৰে আন এটি গীতৰ মুক্তিত উৎকন্ঠিত সংগীত প্ৰেমী শ্ৰোতা। “বৰষুণ” জাক সকলোৰে প্ৰিয়; এজাক হৃদয়সিক্ত, প্ৰেমসনা বৰষুণৰ অপেক্ষাত ৰৈ যায় একাংশ সাধাৰণ জন। এজাক “বৰষুণ” ক ধোঁৱাই নিবলৈ আহ্বান জনায় একাংশই তেওঁলোকৰ দুখ, কষ্ট তথা সংগ্ৰাম। মুঠতে, “বৰষুণ” যে কোনো লোকৰ বাবে অপ্ৰিয় সেই কথা কোনোৱে নকয়। কোনোৱে হয়টো আৱেগসনা প্ৰথমজাক বৰষুণতেই লাভ কৰিছিল নিজ প্ৰেমাস্পদক আৰু আনহাতে কোনোৱে হয়টো হেৰাইছিল নিজ প্ৰিয়জনক। আচলতে, বৰষুণজাকে কঁঢ়িয়াই লৈ ফুৰে নিজৰ মাজতেই বিভিন্ন কাহিনী। এনে এটি গীতৰ কন্ঠত যেতিয়া ৰূপম ভূঞাৰ নামটো সাঙুৰ খাই পৰে; তেতিয়া সংগীত প্ৰেমী শ্ৰোতা-দৰ্শক আৰু অধিক উৎসাহিত হৈ পৰে। শেহতীয়াকৈ মুক্তি লাভ কৰা “বৰষুণ” শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবতো লাভ কৰিছে ৰাইজৰ সঁহাৰি। ৰূপম ভূঞাৰ কন্ঠৰে বিগত কিছু দিন ধৰি কেইবাটাও সুন্দৰ গীতৰ উপভোগ কৰিছে অনুৰাগীয়ে। “মমতাজ”, “আকাশ চুবৰ মন”, “অনুৰাধা” আদি ছবিত কন্ঠদান কৰাৰ লগতে ৰূপম ভূঞাই নিজাববীয়াকৈ কেইবাটাও গীত তথা গজলো পৰিৱেশন কৰে।


” Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞা সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল। সদ্যমুক্তিপ্ৰাপ্ত এই “বৰষুণ” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনাও ৰূপম ভূঞাৰ। লগতে, গীতটিত কথা দিছে জয়জিৎ ডেকাই আৰু সংগীত ব্যৱস্থাপনা পল্লৱ তালুকদাৰৰ। শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ আৰু গীতাৰ বজাইছে দিশাংকন বৰুৱাই। গীতটিৰ ভিডিঅ’ থ্ৰী ডি কৰিছে উদ্দীপন ভট্টাচাৰ্য্যই আৰু এনিমেশ্বন তথা সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ। গীতটিৰ সৈতে জড়িত আটাইকেইজন কলা-কুশলীৰ কৰ্মই হৈছে লেখত ল’বলগীয়া। প্ৰত্যেকেই নিজাববীয়াকৈ কৰা কামৰ প্ৰশংসা ৰাইজেও দেখিবলৈ পাইছে চচিয়েল মিডিয়াত।

হৃদয়সিক্ত এজাক বৰষুণৰ গীতেৰে ৰূপম ভূঞাঃ 2


“বৰষুণ” ক লৈ থকা আৱেগক জনসাধাৰণৰ মাজত এক গীত আকাৰে প্ৰকাশ কৰাত সফল হৈছে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform