বনদীপ শৰ্মা; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ধীৰে ধীৰে সফলতাৰ পিনে নিজৰ বাট পোনোৱা এগৰাকী অভিনেতা। ১৩ বছৰ বয়সৰ পৰাই অভিনয় ক্ষেত্ৰখনত যোগদান দিয়াৰ বাবে দৃঢ় হৈ পৰা এইগৰাকী অভিনেতাই প্ৰতিটো ক্ষেত্ৰতেই নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাৰ অহৰহ প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায়ে সৰু-বৰ সকলো কামৰ বাবে হেলা নেদেখুৱা অভিনেতা বনদীপক থিয়েটাৰ ক্ষেত্ৰখনৰ সৈতে চিনাকী কৰোৱাইছিল অৰুণ শৰ্মাই। দিল্লীত ইঞ্জিনিয়াৰিঙৰ সমান্তৰালকৈ কেইবাটাও থিয়েটাৰ গোষ্ঠীৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত বনদীপক “চিচোৰে” ছবিখনত সুশান্ত সিং ৰাজপুতৰ বন্ধুৰ চৰিত্ৰত দেখা পোৱাৰ লগতে “অসুৰ” ৱেব চিৰিজখনতো এক চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। অভিনেতা গৰাকীৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা বতৰা যোগে যেতিয়া বনদীপক তেওঁৰ কেৰিয়াৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “অভিনয়ৰ লগত সৰুৰ পৰাই জড়িত হৈছিলো অলপ ব্যতিক্ৰমীভাৱে। মোৰ মাই ৰৱীন্দ্ৰ ভৱন আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মোক নাট দেখুৱাবলৈ প্ৰায়ে লৈ গৈছিল। গতিকে, তেনেকৈয়ে এই নাটবোৰৰ প্ৰতি মই আকৰ্ষিত হৈছিলো; সঠিককৈ বস্তুটো কি বুজিব পৰা নাছিলো যদিও ইয়াক উপভোগ কৰি বৰ ভাল লাগিছিল। পিছলৈ স্কুলীয়া জীৱনতো নাট কৰিবলৈ আৰম্ভ কৰিলো, তাত বস্তুটোক লৈ অকণমান জ্ঞান হ’ল।”
তেওঁ আগলৈ কয় যে, ” তাৰ পিছত যেতিয়া মই দিল্লীলৈ ইঞ্জিনিয়াৰিঙৰ অধ্যয়নৰ বাবে গ’লো তাত মই হিন্দী থিয়েটাৰ অথবা থিয়েটাৰ গোষ্ঠীসমূহে কেনেদৰে ক্ৰিয়া কৰে তাক মই অধিক বুজিবলৈ সক্ষম হ’লো। আচলতে, বুজাৰ লগতে মই ইয়াৰ সৈতে সংলগ্নও হৈ পৰিলো। দিল্লীৰ মাণ্ডিহাউচ যিটো ঠাই; সেই ঠাই টুকুৰাত বহুল ৰূপত কলাৰ চৰ্চা হৈ থাকে। লাহে লাহে মই ঠাই টুকুৰাত সাঙুৰ খালো; তাত কেইটামান নাট্য গ্ৰুপৰ সৈতে জড়িত হৈ পেলাই মই গোটেইখিনি বস্তুক বুজি পালো। দিল্লীত থকা সময়ছোৱাত যথেষ্ট নাটকো মই কৰিলো; ইয়াৰ পিছত মই মুম্বাইলৈ আহিলো। মুম্বাইলৈ গৈ মই পৃথিৱী থিয়েটাৰৰ ডানিশ হুচেইনৰ সৈতে নাট কৰিবলৈ ল’লো; ঠিক তেনেকৈ মই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলো। নাটক তথা কেমেৰাৰ সমুখত কৰা অভিনয়ৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে জানিবলৈ বিচৰাত বনদীপে কয় যে, “নাটক আৰু কেমেৰাৰ মাজত থকা পাৰ্থক্যৰ কথা আমি নুই কৰিব নোৱাৰো। নাটকত আমি “One Go” ত লাইভত নিজৰ প্ৰতিটো অনুভৱ ৰাইজৰ মাজত দেখুৱাব লাগে। মোৰ মতে, নাটক সাংঘাতিক এক গভীৰ বস্তু। ইয়াত চৰিত্ৰ এটাত পুংখানুপুংখভাৱে সোমাই যাব লাগিব তেতিয়াহে ইয়াৰ প্ৰকৃত অনুভৱটো দৰ্শকে দেখিবলৈ পাব।
সঁচা কথা ক’বলৈ নাটক মোৰ বাবে অত্যন্ত প্ৰিয় বস্তু। কেমেৰাতকৈ অধিক মৰম মোৰ নাটকৰ বাবে আছে; কাৰণ মই সৰুৰ পৰা নাটকক জীয়াই পাইছো। আচলতে মই এইটো একেবাৰেই কোৱা নাই যে কেমেৰাত কষ্ট নাই; ইয়াতো আছে কিন্তু এটাই কথা যে ইয়াত পৰীক্ষা কৰি চাব পৰা এক উপায় আছে। এক্সপ্ৰেছন বেলেগ বেলেগ কৈ দি চাব পৰা এক ব্যৱস্থা আছে; নাটকত কিন্তু অভিজ্ঞ হ’বই লাগিব। দ্বিতীয়বাৰ কৰি ল’ব পৰা ব্যৱস্থা ইয়াত নাই।”
অভিনেতাগৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, ” আগন্তুক পৰিকল্পনা ৰূপে মোৰ নাটক কেই খন মান আছিলে মুম্বাইত কিন্তু এয়া “লক-ডাউন” ৰ বাবে ৰৈ গ’ল; লাহে লাহে এইবোৰ আৰম্ভ হ’বলৈ গৈ আছে। ইয়াৰ লগতে মই অসমীয়া ৱেব চিৰিজ এখনতো কাম কৰাৰ এক কথা চলি আছে। চাওঁচোন কিমান দূৰলৈ সফল হওঁ।”
Add comment