Rupaliparda.com
সন্তানে মাতিলে "ৰবি দা"; সন্তানক দিলে ৰবি শৰ্মাই "কচুগুটি" আখ্যাঃ 1

সন্তানে মাতিলে “ৰবি দা”; সন্তানক দিলে ৰবি শৰ্মাই “কচুগুটি” আখ্যাঃ

ৰবি শৰ্মাৰ এক মৰম লগা ভিডিঅ’ই আকৰ্ষণ কৰিছে এতিয়া প্ৰতিজন অনুৰাগীক। নিজ সন্তানৰ সৈতে কৰা ধেমালি আৰু গীত গাই কিছু সময় অতিবাহিত কৰিছে অভিনেতা গৰাকীয়ে। চচিয়েল মিডিয়াত সক্ৰিয় এই গৰাকী অভিনেতাই প্ৰায়ে কৰা পোষ্ট সমূহ লেখত ল’বলগীয়া; দুটা সন্তানৰ সৈতে শেহতীয়াকৈ কৰা পোষ্টটোত এতিয়া আপ্লুত অভিনেতা গৰাকীৰ অধিকাংশ অনুৰাগী। কিছুদিন পূৰ্বে অভিনেতা গৰাকীয়ে নিজ স্থিতিৰ বিষয়েও জনসাধাৰণৰ সমুখত পোনপটীয়াভাৱে প্ৰকাশ কৰে। ইয়াৰ উপৰিও ক’ৰ’ণা ভাইৰাছৰ সময়ত অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়াত লাইভ আহি বিভিন্ন ধৰণে অনুৰাগীক মানসিক ভাৱে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। আগন্তুক সময়ত অভিনেতা গৰাকীৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” য়ে বিগত বহু সময়ৰ পৰাই চৰ্চা লাভ কৰি আহিছে।

সন্তানে মাতিলে "ৰবি দা"; সন্তানক দিলে ৰবি শৰ্মাই "কচুগুটি" আখ্যাঃ 2


“লক-ডাউন” ৰ ফলত বৰ্তমান সকলো স্থগিত হৈ পৰিছে যদিও ছবিখনে আগন্তুক সময়ত যে অসমীয়া ছবিৰ ধাৰাত উদ্গনি জগাব সেয়া নিশ্চিত হৈ পৰিছে। ন-পূৰণি বিভিন্ন শিল্পী অন্তৰ্ভূক্ত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাই। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাও চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.