Rupaliparda.com
প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতঃ আছে দীপলিনা লগতে উপাসনা- 1

প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতঃ আছে দীপলিনা লগতে উপাসনা-

সদায় সংগীতক লৈ নিজ জীৱন গঢ় দিবলৈ চেষ্টা কৰা নৱপ্ৰজন্মৰ কন্ঠশিল্পী প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতটিৰ মুক্তিৰ খবৰে বৰ্তমান খলকনি লগাইছে সচেতন মহলত। গীতটিক জনসাধাৰণে আকোঁৱালি ল’ব পৰাকৈ কেইবাটাও উপাদান ইয়াত সন্নিৱিষ্ট হৈ আছে; গীতটিত প্ৰাঞ্জল প্ৰান্তিকৰ সৈতে যুঁটীয়া ভাৱে কন্ঠদান কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী দীপলিনা ডেকাই। “তুমি বৰষা” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে শেহতীয়াকৈ অভিনয় ক্ষেত্ৰখনত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী উপাসনা প্ৰিয়মে। ২৮ তাৰিখে মুক্তি পাবলগীয়া এই গীতটোৰ পৰিকল্পনা আছিল ২০১৮ চনৰেই গীতটিত কথা দিছে ডানিশে। লগতে, গীতটিৰ পৰিকল্পনা তথা ব্যৱস্থাপনা প্ৰাঞ্জল প্ৰান্তিক আৰু নিশান নাথৰ। বাঁহী বজাইছিলে অঞ্জন মেধিয়ে লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। আনহাতে, ইয়াত অভিনয় কৰিছে চিমি ভূঞা আৰু সৌৰভ হাজৰিকাই।

প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতঃ আছে দীপলিনা লগতে উপাসনা- 2


ৰূপালীপৰ্দাৰ আগত দিয়া এক সাক্ষাৎকাৰত প্ৰাঞ্জল প্ৰান্তিকে সংগীতৰ ক্ষেত্ৰত কয় যে, “মই জানিব হোৱাৰ পৰা কোনোদিন জীৱনত এটা চাকৰি অথবা বিজনেছ কৰিম বুলি ভবা নাই; মোৰ ইচ্ছাটো সদায় সংগীতৰ সৈতেই জড়িত আছিল আৰু এই ইচ্ছাটোক লগত লৈয়ে মই এগৰাকী মিউজিচিয়ানৰ পেছাটোৰ দিশে আগবাঢ়িছো। মোৰ পৰিয়ালৰ কোনো এনে লোক নাই যি মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত; মইয়ে প্ৰথম। মই কৰি অহা এই কামখিনিক বৰ্তমান পৰিপ্ৰেক্ষিতত সঁহাৰিও জনাইছে বিভিন্নজনে গতিকে আগলৈও মোৰ এই ইচ্ছাটো পেছাৰূপে লৈ আগবাঢ়িব খুজিছো।”

প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতঃ আছে দীপলিনা লগতে উপাসনা- 3
প্ৰাঞ্জল প্ৰান্তিকৰ নতুন গীতঃ আছে দীপলিনা লগতে উপাসনা- 4


আহিবলগীয়া এই গীতটোক লৈ বৰ্তমান উৎসাহী সংগীতপ্ৰেমী শ্ৰোতাও। একোজন নৱপ্ৰজন্মৰ সৃষ্টিৰ সৈতে জড়িত হৈ তেওঁলোকক উৎসাহ দিবলৈ আগবাঢ়ি অহা একোগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পী সমূহৰ অৱদানো লেখত ল’বলগীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.