আগন্তুক সময়ত আহিবলগীয়া ছবিসমূহৰ ভিতৰত উল্লেখনীয় ছবি এখন হৈছে “যাযাবৰ- ডা লিজেণ্ড”। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কন্ঠশিল্পী তথা নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছন বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়াণে। সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ শিক্ষা জীৱনকে আৰম্ভ কৰি তেওঁৰ সৃষ্টি তথা তেওঁ ক’লৈ গৈছিল এই আটাইবোৰ বস্তুকেই উপস্থাপন কৰা হ’ব এই ছবিখনত। ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে নৱপ্ৰজন্মৰ প্ৰতিভা লগতে অভিনেত্ৰী বৈশালী নৱ মেধিয়ে। অভিনেত্ৰী গৰাকীৰ পৰা তেওঁৰ এই চৰিত্ৰটোৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, ” মোৰ আহিবলগীয়া ছবি হৈছে “যাযাবৰ – দা লিজেণ্ড”। ইয়াৰ পৰিচালনা সদানন্দ গগৈ ছাৰৰ; মই এইখন ছবিত “আইদেউ সন্দিকৈ” ৰ চৰিত্ৰটো ৰূপায়ন কৰিছো। ইতিমধ্যে মোৰ এই চৰিত্ৰটোৰ আধা দৃশ্যগ্ৰহণ “indoor” ত হৈ গৈছে আৰু ৰৈ যোৱা বাকী খিনি মোৰ “outdoor” হ’ব। বাকী থকা দৃশ্যগ্ৰহণ খিনি অতি কমেও এমাহ মানৰ ভিতৰতে সম্পূৰ্ণ হ’ব। এই ছবিখনত মই এটি নতুন চৰিত্ৰ ৰূপায়ন কৰিবলৈ পাই আচলতে বহুত সুখী; কিয়নো মোৰ এই চৰিত্ৰটো অকণমান কঠিন। মোৰ ইয়াত দৰ্শকে দুটা ৰূপত দেখা পাব; সেই ৰূপ দুটাৰ বিষয়ে এতিয়াই নজনাও বাৰু! ইয়াৰ লগতে, এগৰাকী মহান ব্যক্তিৰ চৰিত্ৰ যেতিয়া ৰূপায়ন কৰিবলগীয়া হয় তেতিয়া প্ৰত্যাহ্বান আহে। আমাৰ অসমীয়া চলচিত্ৰৰ প্ৰথম গৰাকী অভিনেত্ৰী হৈছে আইদেউ সন্দিকৈ।”

আগলৈ তেওঁ কয় যে, “গতিকে তেনে এগৰাকী মহান ব্যক্তিৰ চৰিত্ৰ কৰাটো অলপ কঠিন। মই যথেষ্ট খিনি কষ্ট কৰিছো কাৰণ এই চৰিত্ৰ টো মোৰ বাবে এটা চেলেঞ্জ সদৃশ। দৰ্শকে যাতে মোৰ এই চৰিত্ৰটো আঁকোৱালি ল’ব পাৰে, তাৰ সৈতে সংযোগ কৰিব পাৰে তাৰে আশা ৰাখিছো। যিহেতু অভিনয় জগতত আমি ভিন্ন চৰিত্ৰত অভিনয় কৰিব বিচাৰোঁ গতিকে মই সদানন্দ গগৈ ছাৰক ৰূপালীপৰ্দাৰ জৰিয়তেই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোক এই চৰিত্ৰটোৰ বাবে যে তেওঁ নিৰ্বাচন কৰি মোৰ ওপৰত বিশ্বাস দেখুৱালে। ছবি খনত আপোনালোকে আন আন বহুত বিশিষ্ট শিল্পীক দেখা পাব যেনে ধৰক মনোজ কুমাৰ দাস, আইমী বৰুৱা, চেতনা দাস, কিশোৰ চৌধুৰী, এনিশা শৰ্মা আৰু আন আন বহুতো অভিনেতা অভিনেত্ৰী ক দেখা পাব। “

উল্লেখ্য যে, বিহু নৃত্যৰ লগতে বৈশালী হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী ভাৰতন্যাতম শিল্পী। ৰাজ্যিক পৰ্যায়ত কেইবাটাও পুৰস্কাৰ প্ৰাপ্ত এই গৰাকী অভিনেত্ৰীয়ে ইনু বৰুৱাকে ধৰি বলিন চৌধুৰী তথা বাহাৰুল ইছলাম আদিৰ দৰে কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া নাট্য পৰিচালকৰ নাটকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তিনিখনকৈ হিন্দী টেলিফিল্ম “গুল চে বাত কৰো”, “আশা কি বুন্দে” আৰু “হৰিয়ালি ধৰতী” আদি কেইবাখনো ধাৰাবাহিক অভিনয় কৰিছে বৈশালীয়ে। ইয়াৰ উপৰিও বৈশালীয়ে দূৰদৰ্শনত প্ৰচাৰিত দুখন ধাৰাবাহিক “সত্যমেৱ জয়তে” লগতে “আমিও মানুহ” ত অভিনয় কৰিছিল। ৰেঙণি যোগে প্ৰচাৰিত “সাউদৰ পুতেকে নাওঁ মেলি যায়” ধাৰাবাহিকখনতো দেখিবলৈ পোৱা গৈছিল উক্ত অভিনেত্ৰী গৰাকীক।
Add comment