দেশত চলি থকা এনে বিভীষিকাময় পৰিস্থিতিৰ মাজত একাংশ জনসাধাৰণক দিব পৰা সামান্য প্ৰশান্তি লেখত ল’বলগীয়া। প্ৰতিটো সময়তে এটা গুৰু-গম্ভীৰ বিষয়ক লৈ চিন্তা-চৰ্চা অব্যাহত ৰখা মানে ই এজন লোকক ঠেলি দিব পাৰে হতাশালৈ। এজন ব্যক্তি বিশেষৰ জীৱনত যদি মনোৰঞ্জন নাথাকে তেনেহ’লে তেওঁ সুখী হ’ব নোৱাৰে। সাধাৰণতে, মনোৰঞ্জনৰ প্ৰতিটো মাধ্যমৰ ভিতৰত আমি ক্ষন্তেকতে আকোঁৱালি লোৱা মাধ্যমটোৱে হৈছে সংগীত। আৰু, এয়া এক একেবাৰেই মন কৰিবলগীয়া কথা যে আজিৰ যুৱপ্ৰজন্মই সংগীত উপভোগ কৰাৰ সমান্তৰালকৈ ইয়াক সৃষ্টিৰ বাবেও তেওঁলোক সমানেই আগ্ৰহী। ইতিমধ্যে কম সংখ্যক অৰ্থাৎ চাৰিটাকৈ গীতৰ মুক্তিৰ সৈতে সংগীত ক্ষেত্ৰখনত সোমাবলৈ চেষ্টা অব্যাহত ৰখা গৌৰৱ মাৰ্ভেল নিজ সংগীত যাত্ৰা আৰম্ভ কৰিছিল ২০১৯ চনৰ পৰাহে। পৰিয়াল অথবা বন্ধু-বৰ্গৰ সঁহাৰিয়ে গৌৰৱ মাৰ্ভেলক সংগীত ক্ষেত্ৰখনত আগবঢ়াত উদ্গনি যোগাইছিল। তেওঁৰ দ্বাৰা মুক্তিপ্ৰাপ্ত প্ৰথমটো গীত আছিল “আহি যোৱা”; গীতটোৰ কথাৰ লগতে ইয়াৰ পৰিচালনাও আছিল গৌৰৱৰ নিজৰ। প্ৰথমটো গীতৰ জনপ্ৰিয়তাৰ পিছতেই তেওঁৰ দ্বাৰা শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “ধেমালি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে বৰ্তমান সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ। গৌৰৱ মাৰ্ভেলৰ দ্বাৰা মুক্তিপ্ৰাপ্ত আন গীত সমূহ হৈছে ক্ৰমে “জয় মা দূৰ্গা” আৰু “চলে আছ”।

ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া সংগীতৰ কোনটো উপাদানত তেওঁ অধিক গুৰুত্ব দিয়ে আৰু শ্ৰোতাক আকৰ্ষণ কৰিব বিচাৰে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তাৰ উত্তৰত তেওঁ কয় যে, “সংগীত নিজৰ মাজতেই এক সুন্দৰ বৈশিষ্ট্য; ইয়াত কোনো নিৰ্দ্দিষ্টতা নাই। মই ইয়াত এটা মাত্ৰ নিৰ্দ্দিষ্টতা দেখুওৱাব নোৱাৰো। মই এতিয়ালৈ স্বাধীন ভাৱে কাম কৰি আছো গতিকে মোৰ কামৰ দ্বাৰা শ্ৰোতাক কিবা এটা নতুন দিবলৈ মই সদায় চেষ্টা কৰো যাতে তেওঁলোকে মোক অলপ হ’লেও চিনি পাওঁক। মই মোৰ কামৰ দ্বাৰা সকলোৰে মাজত চিনাকী হ’বলৈ বিচাৰো; অসমীয়া সংগীত ক্ষেত্ৰৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ দাদা আৰু বলীউডৰ আৰমান মালিকক মই যথেষ্ট অনুসৰণ কৰো। সৰুৰ পৰা ৰাইজক মনোৰঞ্জন কৰোৱাৰ চেষ্টা কৰিছো গতিকে শ্ৰোতাৰ “টেষ্ট” টোৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰো।”

আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই কেইবাটাও ভাষা ক্ৰমে হিন্দী, বঙালী, পাঞ্জাৱী লগতে অসমীয়া গীতত কন্ঠদান কৰিছো। আচলতে, মোক প্ৰায় ধৰণৰ গীতে আকৰ্ষণ কৰে। আগন্তুক সময়ত বিহু গাবলৈ মোৰ ইচ্ছা আছে; অসমীয়া শ্ৰোতাক সংযোগ কৰিব পৰা যদি কিবা আছে তেতিয়াহ’লে সেয়া হৈছে “বিহু”। গতিকে, চাওঁচোন আহিবলগীয়া সময়ত কেনেদৰে আগবাঢ়িব পাৰো। বৰ্তমান আশা কৰিছো যাতে ৰাইজে মোৰ সদ্যমুক্তিপ্ৰাপ্ত “ধেমালি” ক আদৰি লয়।”
Add comment