Rupaliparda.com
"জুবিন ইজ এ বম্ব"- জ'জ 1

“জুবিন ইজ এ বম্ব”- জ’জ

জুবিন গাৰ্গ এনে এক নাম; যাৰ নামেৰেই তেওঁ জনসাধাৰণৰ হৃদয়ত স্থিতি বনাবলৈ সক্ষম হয়। “অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়; প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ।

"জুবিন ইজ এ বম্ব"- জ'জ 2
"জুবিন ইজ এ বম্ব"- জ'জ 3


শেহতীয়াকৈ জুবিনৰেই চচিয়েল মিডিয়াত থকা এক অনুৰাগীৰ গ্ৰুপে জুবিন গাৰ্গক উদ্দেশ্যি একাংশ সুদক্ষ শিল্পীৰ কি মতামত আছিল তাৰ এক বাতৰি কাকতৰ অংশ শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰাৰ পিছতেই ই ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। ড° ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি বিমান বৰুৱাই জুবিন গাৰ্গক উদ্দেশ্যি কেনে ধৰণৰ মন্তব্য কৰিছিল সেয়া জানিবলৈ পাই উৎসাহিতও হৈছিল তেওঁৰ অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform