Rupaliparda.com
"অংকিতাৰ সৈতে বিবাহ হ'লে সুশান্ত সিং ৰাজপুত হ'লহেঁতেন সুখী"- অনুৰাগী 1

“অংকিতাৰ সৈতে বিবাহ হ’লে সুশান্ত সিং ৰাজপুত হ’লহেঁতেন সুখী”- অনুৰাগী

অংকিতা লোখণ্ডে আৰু সুশান্ত সিং ৰাজপুতৰ যুঁটিটো বৰ্তমানেও জনসাধাৰণৰ বাবে ইমানেই প্ৰিয় যে যুঁটিটোক লৈ তেওঁলোকে প্ৰায়ে কমেন্ট কৰা দেখিবলৈ পোৱা যায়। পূৰ্ব প্ৰেয়সী অংকিতাই সুশান্তক ন্যায় প্ৰদানৰ অৰ্থে প্ৰায় চচিয়েল মিডিয়াত সক্ৰিয় হৈ পোষ্ট কৰা দেখা পোৱা যায়। শেহতীয়াকৈ তেওঁ এখন বগা ৰঙৰ শাৰী পৰিধান কৰি সুখত থাকিবলৈ চেষ্টা কৰি কেইবাখনো ফটো চচিয়েল মিডিয়াত আপলোড কৰে। তেওঁ তাত লিখে যে, “সুখত কেনেকৈ থাকিব পাৰি! এয়া নিশ্চিত কৰক প্ৰতিটো ৰাতিপুৱা সুখত থাকি।” অংকিতাৰ এই পোষ্টটোত বিভিন্ন জনে কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰেই শাৰী পৰিধান কৰিয়ে যে অংকিতাই এৱাৰ্ড ফাঞ্চন সমূহলৈ সুশান্তৰ সৈতে গৈছিল তাকো ব্যক্ত কৰে একাংশই। একাংশই কয় যে, “যদিহে বৰ্তমানলৈ সুশান্তৰ অংকিতাৰ সৈতে বিবাহ হৈ গ’লহেঁতেন তেতিয়াহ’লে সুশান্ত জীয়াই থাকিলেহেঁতেন আৰু সুখী হ’লহেঁতেন।”

"অংকিতাৰ সৈতে বিবাহ হ'লে সুশান্ত সিং ৰাজপুত হ'লহেঁতেন সুখী"- অনুৰাগী 2


উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত নেপোটিজিমক লৈ য’ত একাংশই খুলি কথা কৈছে তাতেই আকৌ এইবাৰ বলীউডত চলা ড্ৰাগছ কেছৰ বিষয়টোলৈও সাঙুৰ খাইছে বিভিন্ন জন তাৰকাৰ নাম। সুশান্তৰ মৃত্যুৰ সময়ছোৱালৈ থকা প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰতিদিনাই নাৰকোটিক্সৰ সমুখত ন-ন তথ্যৰ উদ্ঘাটন কৰা দেখিবলৈ পোৱা গৈছে। ৰিয়াই এইখিনি পৰ্যন্ত ব্যক্ত কৰিছে যে যদিহে সুশান্ত জীয়াই থাকিলেহেঁতেন; আজি তেওঁ ন্যায়িক জিম্মাত থাকিব লাগিলেহেঁতেন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform