অসম সন্তান কেইবাগৰাকীও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেদৰে প্ৰতিষ্ঠা লাভ কৰিছে যে তেওঁলোকৰ ইটোৰ পিছত কৰা সিটো কামে বহুল ৰূপত গৌৰম্বান্বিত কৰিবলৈ সক্ষম হৈছে অসমবাসীক। “বাজীৰাও মষ্টানী”, “পদ্মাৱত”, “ডংগল”, “মেৰী কম” “তনু ৱেডচ মনু ৰিটাৰ্নছ” আদি ছবিসমূহ সকলো দিশৰ পৰা পৰিপূৰ্ণ বাবেই হয়টো এই ছবিসমূহে দৰ্শকক অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অভিনয়ৰ দিশটোৰ পৰা অকণমান ফালৰি কাটি যদি ইয়াত আমি কিছু সময়ৰ বাবে কাৰিকৰী দিশটোৰ পিনে মন কৰো; তেতিয়াহ’লে ইয়াত গ্ৰহণযোগ্য কাম আমি দেখিবলৈ পাম। উক্ত ছবি সমূহৰ পৰা আৰম্ভ কৰি বলীউডৰ প্ৰায় দুই কুৰিতকৈও অধিক ছবিত চাউণ্ড ইঞ্জিনীয়াৰ ৰূপত থকা অসম সন্তান কিংশুক মৰাণৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা পতা হৈছিল কিছু এক্সক্লুচিভ কথা-বতৰা। “অধ্যয়ন” ৰ সমাপ্তি নাই; আদিৰ পৰা অনন্তলৈ চলি যোৱা এক অবিৰত যাত্ৰা হৈছে “অধ্যয়ন”। ৰাষ্ট্ৰীয় ক্ষেত্ৰত কৰ্ম কৰি অথবা তাত প্ৰতিষ্ঠা লাভ কৰি কেনে অনুভৱ হয় বুলি কৰা প্ৰশ্নৰ উত্তৰত সেইবাবে কিংশুক মৰাণে কয় যে, “ৰাষ্ট্রীয় বা আন্তৰাষ্ট্রীয় পৰ্যায়ৰ স্বীকৃতি সকলোৰে কাম্য | মই এই সফলতা পাবলৈ এতিয়াও বহু দূৰ ,শিকিবলৈও বহুত বাকী আছে।


আগল কয় যে, “বাকী, ভাল লাগে বলীউডৰ এই বিশাল ক্ষেত্রখনত নিজক জড়িত কৰিব পৰাৰ বাবে |” আগন্তুক নৱপ্তজন্ম এই ক্ষেত্ৰখনত জড়িত হ’বলৈ বিচাৰিলে তেওঁৰ ফালৰ পৰা কি পৰামৰ্শ থাকিব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “যিকোনো ক্ষেত্রত জড়িত হ’বলৈ হ’লে নিজৰ কি ভাল লাগে তাক প্ৰথমতে জানি ল’ব লাগে; সৃষ্টি শীলতা সকলো কামতে থাকে আৰু ঠিক একেদৰে পৰিতৃপ্তিও। পৰিতৃপ্তি নোপোৱা কামত মানুহ সফল হব নোৱোৰে; এই ক্ষেত্রখনতো একে কথাই খাটে। সেয়েহে, নৱপ্রজন্মৰ কোনোৱে যদি এই ক্ষেত্রখনলৈ আহিব বিচাৰে তেন্তে মই এটাই পৰামৰ্শ দিম যে তেওঁলোকে ভাৰতৰ প্রসিদ্ধ FTII নাইবা আন কোনো ইনষ্টিটিউত প্রশিক্ষণ ল’ব পাৰে; অসমতো আচলতে এই সুবিধা আছে।” অসমীয়া একাংশ শিল্পী কলা-কুশলী ৰাজনৈতিক প্ৰেক্ষাপটত জড়িত হোৱা কথাটোত তেওঁ কি ভাৱে অথবা তেওঁৰ ব্যক্তিগত মতামত সন্দৰ্ভত জানিবলৈ বিচৰাত তেওঁ কয় যে,

“যিকোনো ক্ষেত্র এখন বাচি লোৱাত সকলোৰে স্বাধীনতা আছে। শিল্পী, কলা-কুশলীয়ে নিজৰ ক্ষেত্রৰ উপৰিও ৰাজনীতিৰ ক্ষেত্রখনত কিয় যোগ দিছে সেয়া মই বুজি নাপাওঁ | মানুহে কয়, ৰাজনীতি তেজত থাকে জন্মগত ভাৱে; এইখন পথাৰ সুকীয়া। আমাৰ মৰমৰ শিল্পীসকলে কেনেকৈ এইখন পথাৰত কাম কৰে সেয়া সময়ে ক’ব। কিন্তু মই ভাবো নিজৰ ক্ষেত্রখন নেৰাই মংগল।” কিংশুক মৰাণ এক জনপ্ৰিয় নাম; নিজৰ কৰ্মৰ দ্বাৰা অসমবাসীক গৌৰম্বান্বিত কৰা অসম সন্তান সমূহৰ ভিতৰত এক সুকীয়া চিনাকী আছে কিংশুক মৰাণৰ। তেওঁৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।
Add comment