“ক’ৰোণা ভাইৰাছ” ৰ ফলত বহু দিন ধৰি বাসগৃহত আৱদ্ধ হৈ থকা অভিনেত্ৰী দীপিকা পাডুকনে শেহতীয়াকৈ গোৱালৈ ধাৱমান হৈ নিজ শ্বুটিং আৰম্ভ কৰিছিল যদিও আকৌ এবাৰ মুম্বাইলৈ উভতি আহিবলগীয়া হৈছিল। সুশান্ত সিঙৰ মৃত্যুৰ পিছত বাহিৰলৈ অহা ড্ৰাগছ কেছ সন্দৰ্ভত নাম সাঙুৰ খোৱা দীপিকাক সোধ-পোছৰ বাবে মাতি আনিছিল এন চি বিয়ে। ৰিপোৰ্টনুসৰি, তেওঁ বৰ্তমান নিজ কামত আকৌ এবাৰ ঘূৰি যাব পাৰে। অভিনেত্ৰী দীপিকাই তেওঁৰ আহিবলগীয়া শকুন বাত্ৰাৰ দ্বাৰা পৰিচালিত ছবিৰ শ্বুটিং কৰি আছে; এই ছবিখনৰ নাম বৰ্তমানেও নিৰ্ধাৰণ কৰা হোৱা নাই। এই ছবিখনত দীপিকা পাডুকনৰ বাহিৰেও অভিনয় কৰিব সিদ্ধান্ত চতূৰ্ৱেদী আৰু অনন্যা পাণ্ডেই। ছবিখনৰ নাম এতিয়ালৈ সমুখত অহা নাই যদিও ছবিখন আগন্তুক বৰ্ষৰ অৰ্থাৎ ২০২১ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব।


উল্লেখ্য যে, এনচিবিয়ে সোধ-পোছ কৰাত দীপিকা পাডুকনে দিয়া উত্তৰ সমূহে চৰ্চা লাভ কৰিছিল চচিয়েল মিডিয়াত। এনচিবিয়ে কৰা আটাইবোৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে একেটাই কথা কৈছিল যে এই মায়ানগৰীৰ বলীউড ক্ষেত্ৰখনত বহুতেই বহু ধৰণে নিজৰ “কোড ৱৰ্ড” ব্যৱহাৰ কৰি কথোপকথন বোৰ আগবঢ়ায়। “মাল” অৰ্থটো যেনেদৰ সমগ্ৰ জনসাধাৰণে ভাবি আছে আচলতে ইয়াৰ সেইটো অৰ্থই প্ৰকাশ কৰি দীপিকাই একো সোধা নাছিল। দীপিকা পাডুকন অনুযায়ী “মাল” আৰু “হেশ” মানে তেওঁ চিগাৰেটৰ কথাহে উল্লেখ কৰিছিল। দীপিকাই এনচিবিৰ আগত এয়াও ব্যক্ত কৰে যে তেওঁ চিগাৰেট সেৱন কৰে কিন্তু ড্ৰাগছ সেৱন নকৰে।
Add comment