কোন তুমি?- এই প্ৰশ্নটোকে লৈ কেইজন মান যুৱকে চচিয়েল মিডিয়াত হাঁহাকাৰৰ সৃষ্টি কৰিছে। বহুদিন ধৰি উত্থাপন হৈ থকা এই প্ৰশ্নৰ কিন্তু এতিয়ালৈ হোৱা নাই উত্তৰৰ উদ্ঘাটন। ইয়াৰ উত্তৰৰ বাবে হয়টো জনসাধাৰণ ৰ’ব লাগিব আৰু কিছু দিন। হয়, আপোনালোকে ঠিকেই শুনিছে; আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ওলাই পৰিব “কোন তুমি?” আচলতে, এই প্ৰশ্নটো হৈছে নৱপ্ৰজন্মৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ। “কোন তুমি” শীৰ্ষক এই প্ৰশ্নটোক বুকুত বান্ধিয়ে তেওঁ ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে এইকেইদিন। আচলতে, “কোন তুমি” হৈছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ “এক যোগ এক” শীৰ্ষক এলবামখনৰ দ্বিতীয়টো গান। ইতিমধ্যে এলবামখনৰ প্ৰথমটো গীত “শেষ” য়ে মুক্তি লাভ কৰাৰ লগতে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ বুটলিবলৈও সক্ষম হৈছে। ২০০৮ চনৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা প্ৰণৱে ২০১৫ চনৰ পৰা তেওঁৰ নিজ পাঁচ গৰাকী সতীৰ্থৰ সৈতে “Purple Haze” নামে এক বেণ্ডৰ সৈতে জড়িত হৈ পৰে। অসমীয়া সংগীত ক্ষেত্ৰখনত আৰু অধিক কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰা উক্ত সংগীতশিল্পী গৰাকীৰ এই এলবাম খনৰে অৰ্থাৎ “এক যোগ এক” ৰ আন কেইবাটাও গীত আহিবলগীয়া সময়ত উপভোগ কৰিবলৈ পাব দৰ্শক-শ্ৰোতাই। “মধুলগন” বহুল জনপ্ৰিয়তাৰ পিছত প্ৰণৱৰ আহিবলগীয়া গীতটিক লৈ শ্ৰোতা-দৰ্শকো অপেক্ষাৰত হৈ পৰিছে।

গীতটিত সংগীত দিছে কন্ঠশিল্পী গৰাকী সহযোগী সতীৰ্থ Mystic Production House ৰ পল্লৱ তালুকদাৰে লগতে ইয়াত গীতাৰ বজাইছে তেওঁৰেই সতীৰ্থ “বেণ্ডমেট” ভাস্কৰ শইকীয়াই। আনহাতে, ড্ৰামত আছে পাৰ্থ বড়ো আৰু বেচ গীতাৰ বজাইছে প্ৰণৱ প্ৰিয়াংকুশৰ আন এগৰাকী “বেণ্ডমেট” বেদব্ৰত মজিনদাৰ বৰুৱা। গীতটিত কন্ঠদান কৰাৰ লগতে “কোন তুমি” ৰ কথা, সুৰৰো দায়িত্বত আছে প্ৰণৱ। শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ আৰু গীতটিৰ ভিডিঅ’ কৰিছে শচীন বৰুৱাই। গীতটিৰ প্ৰচাৰত কন্ঠশিল্পী গৰাকীক সহায় কৰিছে অভিজিৎ লস্কৰে আৰু পোষ্টাৰ আশীষ শইকীয়াৰ। উল্লেখ্য যে, গীতটিৰ ভিডিঅ’ ত এইবাৰ পোন প্ৰথমবাৰৰ বাবে একক অভিনয়ো কৰিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। অতিশীঘ্ৰে জনসাধাৰণৰ সমুখত মুক্তি লাভ কৰিব “কোন তুমি?”

৬ গীত সমৃদ্ধ “এক যোগ এক” ৰ আগন্তুক সময়ত আহিবলগীয়া গীতটি হৈছে “যুঁজি যাওঁ”। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ বৰ্তমানৰ জনপ্ৰিয়তা তথা তেওঁৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। গতিকে তেওঁৰ “কোন তুমি?” ক লৈ উৎসাহিত তেওঁৰ অনুৰাগী।
Add comment