Rupaliparda.com
কংগনা ৰাণাওঁটক পুৰস্কাৰ উভতাই দিয়াৰ কথা ক'লে স্বৰাইঃ আকৌ ভাৰ্চুৱেল যুদ্ধ- 1

কংগনা ৰাণাওঁটক পুৰস্কাৰ উভতাই দিয়াৰ কথা ক’লে স্বৰাইঃ আকৌ ভাৰ্চুৱেল যুদ্ধ-

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয় লৈ হোৱা বহুল চৰ্চাৰ সাম কাটি কিছুদিন পূৰ্বে AIIMS য়ে ঘোষণা কৰে যে অভিনেতা গৰাকীৰ মৃত্যু হত্যা নহয়; ই আছিল আত্মহত্যা। ঘোষণা কৰাৰ পিছত বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু তাৰ মাজত অভিনেতা-অভিনেত্ৰী সকলেও নিজ মন্তব্য ব্যক্ত কৰে। শেহতীয়াকৈ অভিনেত্ৰী স্বৰা ভাস্কৰে এক পোষ্ট কৰে য’ত তেওঁ কংগনা ৰাণাওঁটকো ট্ৰোল কৰে। আচলতে, দুই অভিনেত্ৰীৰ মাজত চলা শীতল যুদ্ধ খন আমাৰ সকলোৰে জ্ঞাত। স্বৰা ভাস্কৰে নিজ টুইটত কয় যে, “এতিয়াটো এইমছ তথা চিবিআইয়ো স্পষ্টীকৰণ দিছে যে সুশান্ত সিং ৰাজপুতৰ দুখ লগা মৃত্যু এক আত্মহত্যা আছিল। এনে কিছু ব্যক্তি আছিল নহয় যিয়ে চৰকাৰৰ দ্বাৰা দিয়া পুৰস্কাৰ সমূহ উভতাই দিয়াৰ কথা কৈছিল।” আচলতে, এইমছৰ এনে সিদ্ধান্তত সুখী নহয় সুশান্তৰ পৰিয়াল বৰ্গও।

https://twitter.com/ReallySwara/status/1313764976012652544?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1313764976012652544%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.news18.com%2Fnews%2Fmovies%2Fssr-case-swara-reminds-kangana-ranaut-of-her-promise-to-return-padma-shri-check-out-her-reply-2942975.html
https://twitter.com/KanganaTeam/status/1313837832406958083?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1313837832406958083%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.news18.com%2Fnews%2Fmovies%2Fssr-case-swara-reminds-kangana-ranaut-of-her-promise-to-return-padma-shri-check-out-her-reply-2942975.html


তেওঁলোকৰ অধিবক্তা বিকাশ সিঙেও এক নতুন ফৰেঞ্চিক টীম গঠন কৰাৰ উপদেশ দিয়ে। আমি পূৰ্বৰ পৰা উক্ত দুই অভিনেত্ৰী ক্ৰমে স্বৰা আৰু কংগনাৰ ভাৰ্ছুৱেল যুদ্ধ খন দেখি আহিছো; দুয়ো সমানে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে প্ৰতিটো কথাৰো প্ৰতিউত্তৰ দিয়ে। উল্লেখ্য যে, ড্ৰাগছ কেছত ন্যায়িক জিম্মাত থকা অভিনেত্ৰী আৰু সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীও বোম্বে হাইকোৰ্টৰ পৰা ইতিমধ্যে জামিন লাভ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.