Rupaliparda.com
বিদিশা নয়ন ভূঞা আৰু নীল আকাশৰ কন্ঠত ৰোমান্টিক গীত "লাহে লাহে ভালপোৱা"- 1

বিদিশা নয়ন ভূঞা আৰু নীল আকাশৰ কন্ঠত ৰোমান্টিক গীত “লাহে লাহে ভালপোৱা”-

অসমীয়া সংগীত ক্ষেত্ৰখনত নিৰৱিচ্চিন্নভাৱে নিজ কৰ্ম সম্পাদন কৰি জনসাধাৰণৰ কাষ চপা একাংশ কন্ঠশিল্পীৰ মাজৰ এগৰাকী হৈছে বিদিশা নয়ন ভূঞা। “জিঁয়া জিঁয়া” তথা আন কেইবাটাও গীতৰ সৈতে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠা এই কন্ঠশিল্পী গৰাকী বৰ্তমান সাজু হৈছে তেওঁৰ আগন্তুক এটি ৰোমান্টিক গীতৰ মুক্তিৰ দিশে। বিগত বহু দিনৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনত চলি থকা খেলি-মেলিৰ মাজত কিছু এনে সংগীতশিল্পীও আছে যিয়ে জনসাধাৰণক আমোদ প্ৰদানৰ বাবে নিজ চেষ্টা অব্যাহত ৰাখিছে। “ভিজা ভিজা দুচকুতে”, “বাৰিষাৰে বৰষুণে” তথা “মৰম বিচাৰিছো তোমাৰে” শীৰ্ষক কেইবাটিও ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়া এই গৰাকী কন্ঠশিল্পী বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক গীত “লাহে লাহে ভালপোৱা” ক লৈ। গীতটিত বিদিশা নয়নৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশে। গীতটিত কন্ঠদান কৰাৰ লগতে কথা-সুৰ দিছে বিদিশা নয়নে নিজেই আৰু সংগীত ব্যৱস্থাপনা কৰিছে ডেভিড কাশ্যপে।

বিদিশা নয়ন ভূঞা আৰু নীল আকাশৰ কন্ঠত ৰোমান্টিক গীত "লাহে লাহে ভালপোৱা"- 2

https://youtu.be/0aRkHzVyovU


ৰোমান্টিক গীতৰ ক্ষেত্ৰত নীল আকাশৰ জনপ্ৰিয়তাৰ কথা নুই কৰিব নোৱাৰি; তেওঁৰ লগতে এইবাৰ বিদিশা নয়নৰ কন্ঠক লৈ অপেক্ষাৰত জনসাধাৰণো। নিজ মাতৃৰ পৰা পোন প্ৰথমে গীত গাবলৈ অনুপ্ৰেৰণা লাভ কৰা এই গৰাকী কন্ঠশিল্পীৰ সংগীতক লৈ অনুপ্ৰেৰণা আছিল তেওঁৰেই মাতৃ। “হিন্দুস্তানী ক্লাছিকেল মিউজিক” ৰ প্ৰতি সৰুতেই আকৰ্ষিত হোৱা বিদিশা নয়নে পিছলৈ কেছেটত বিভিন্ন প্ৰকাৰৰ গীত শুনি সংগীতৰ প্ৰতি সম্পূৰ্ণৰূপে ঢাল খাই পৰে। তেওঁ আহিবলগীয়া সময়ত কেৱল মাত্ৰ ৰোমান্টিক বুলিয়ে নহয়; আন বহু প্ৰকাৰৰ গীতত কন্ঠদান কৰাৰো ইচ্ছা প্ৰকাশ কৰে বিদিশাই। আনহাতে, নীল আকাশৰ একাংশ গীতৰ জনপ্ৰিয়তা কথা নক’লেও হয়টো আপোনালোকে জানে। উঠি অহা একাংশক জনোৱা নীল আকাশৰ সঁহাৰিও মন কৰিবলগীয়া।

বিদিশা নয়ন ভূঞা আৰু নীল আকাশৰ কন্ঠত ৰোমান্টিক গীত "লাহে লাহে ভালপোৱা"- 3
বিদিশা নয়ন ভূঞা আৰু নীল আকাশৰ কন্ঠত ৰোমান্টিক গীত "লাহে লাহে ভালপোৱা"- 4


“লাহে লাহে ভালপোৱা” শীৰ্ষক গীতটিৰ প্ৰস্তুতিত ব্যস্ত দুয়োগৰাকী কন্ঠশিল্পীয়ে চচিয়েল মিডিয়াতো উক্ত গীতটিক লৈ জনসাধাৰণৰ মাজত বিভিন্ন প্ৰচাৰ আৰম্ভ কৰিছে। চলিত মাহৰ ভিতৰতেই গীতটিক মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.