Rupaliparda.com
আকৌ এবাৰ সুবাসনা দত্তৰ নতুন গীত "আপুনি আহিব"- অপেক্ষাৰত অনুৰাগীঃ 1

আকৌ এবাৰ সুবাসনা দত্তৰ নতুন গীত “আপুনি আহিব”- অপেক্ষাৰত অনুৰাগীঃ

প্ৰত্যেকটো গীতত বহুল জনপ্ৰিয়তা লাভ কৰা সুবাসনা দত্ত সাজু হৈছে তেওঁৰ আহিবলগীয়া নতুন গীতটিক লৈ। অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “আপুনি আহিব”; গীতটিৰ কথা আৰু সুৰ সমীৰ শেখৰৰ লগতে সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। চচিয়েল মিডিয়াত গীতটিক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰচাৰ কৰা সুবাসনাৰ “আপুনি আহিব” ক লৈ ইতিমধ্যে অনুৰাগীও অপেক্ষাৰত হৈ পৰিছে। ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণক মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা সুবাসনাই প্ৰায়ে চচিয়েল মিডিয়া যোগে অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা যায়।

আকৌ এবাৰ সুবাসনা দত্তৰ নতুন গীত "আপুনি আহিব"- অপেক্ষাৰত অনুৰাগীঃ 2
আকৌ এবাৰ সুবাসনা দত্তৰ নতুন গীত "আপুনি আহিব"- অপেক্ষাৰত অনুৰাগীঃ 3


স্তব্ধতাৰ কালচোৱাত ধনাত্মক হৈ থাকিবলৈ লগতে নিজৰ মানসিক স্থিতিক সুস্থ কৰি ৰাখিবলৈও তেওঁ ইতিমধ্যে জনসাধাৰণক আহ্বান জনাইছিল। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.