Rupaliparda.com
আহি আছে ডক্তৰ বেজবৰুৱাৰ দ্বিতীয় সংস্কৰণঃ 1

আহি আছে ডক্তৰ বেজবৰুৱাৰ দ্বিতীয় সংস্কৰণঃ

অসমীয়া চলচিত্ৰপ্ৰেমী সকলৰ মাজলৈ আন এক সুখবৰ; আহি আছে প্ৰথমখন বাণিজ্যিকভাৱে সফল ছবি “ডক্তৰ বেজবৰুৱা” ৰ দ্বিতীয়টো সংস্কৰণ; ইতিমধ্যে ছবিখনৰ সম্পূৰ্ণ মূহুৰত। ১৯৬৮ চনত নিৰ্মিত ছবি “ডক্তৰ বেজবৰুৱা” ই অসমীয়া দৰ্শকক ৰোমাঞ্চিত ছবিখনৰ কাহিনী তথা সংগীত বৰ্তমানেও দৰ্শকৰ মন মগজুত। আনহাতে আন এক উল্লেখনীয় কথা এয়ে হৈছে যে ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰিব এগৰাকী সুদক্ষ অভিনেতাই; এইবাৰ পৰিচালক ৰূপে দৰ্শকৰ সমুখলৈ আহিব নিপন গোস্বামী। ছবিখনক লৈ উৎসাহিতও হৈ থকা দেখিবলৈ পোৱা গৈছিল অসমীয়া দৰ্শকক। “ডক্তৰ বেজবৰুৱা ২” ৰ মূখ্য চৰিত্ৰও ৰূপায়ন কৰিব অভিনেতা নিপন গোস্বামীয়ে; ইয়াৰ লগতে তেওঁৰ সৈতে অভিনয় কৰিব ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত অভিনেতা আদিল হুচেইন, বাহাৰুল ইছলাম, তপন দাস, সিদ্ধাৰ্থ গোস্বামী, মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকা আৰু আপোনালোকক জনাই থওঁ যে এই ছবিখনৰ আন দুই গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব নিপন গোস্বামীৰ বোৱাৰী কিংকিনী আৰু যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ছবিখনৰ প্ৰযোজনা ড° সঞ্জীৱ নাৰাইন আৰু সহযোগী প্ৰযোজনা কৰিছে ড° আক্ষাতা নাৰাইনে।

আহি আছে ডক্তৰ বেজবৰুৱাৰ দ্বিতীয় সংস্কৰণঃ 2
আহি আছে ডক্তৰ বেজবৰুৱাৰ দ্বিতীয় সংস্কৰণঃ 3
আহি আছে ডক্তৰ বেজবৰুৱাৰ দ্বিতীয় সংস্কৰণঃ 4


ছবিখনৰ সংগীত জুবিন গাৰ্গৰ আৰু ইয়াত কাহিনী তথা চিত্ৰনাট্য হৈছে ৰাজদ্বীপৰ। কেতবোৰ বেয়া খবৰৰ মাজতেই অহা একোটা এনে খবৰে বৰ্তমান উৎসাহী কৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ উদীয়মান শিল্পী, কলা-কুশলীক লগত লৈ নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈও বাহিৰ ওলোৱা নাই যদিও অতি সোনকালেই ছবিখন আহিব ৰাইজৰ মাজলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.