শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। দূৰ্গা দেৱীক আদৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে এতিয়া প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে। আচলতে, এই সময়খিনিৰ এক নিজা মাদকতা আছে; য’ত বিলীন হৈ পৰে প্ৰত্যেকজন। কেতিয়াবা তল সৰা শেৱালিৰ গোন্ধ, কেতিয়াবা ৰাতিপুৱাৰ সময়কণৰ চেঁচা অনুভৱ আৰু তাৰ সমান্তৰালকৈ দেৱী আগমনৰ সুখানুভূতি। এইবাৰৰ দূৰ্গা পূজা যদিও অইন বছৰৰ দূৰ্গোৎসৱতকৈ কিছু পৃথক অথবা ব্যতিক্ৰম তৎস্বত্বেও অসমৰ একাংশ সংগীত শিল্পীয়ে কৰা প্ৰচেষ্টাই আমোদ দিব দৰ্শক-শ্ৰোতাক। আৰতি সময়ছোৱাত দূৰ্গা মাৰ ওচৰত আওঁৰাই থকা তেওঁৰ শ্লোকে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজৰ দেহ-মন শিঁহৰিত কৰি তোলে। নাগাৰাৰ শব্দৰ মাজত মিহি মিহিকৈ ভাঁহি অহা মাৰ শ্লোকটোত জনসাধাৰণক ভক্তিৰসত বিলীন কৰিব পৰা এক অজান শক্তি আছে। শেহতীয়াকৈ “মা দূৰ্গা” ক উদ্দেশ্যি গীত নিৰ্মাণৰ পৰা আৰম্ভ কৰি নিজ কন্ঠৰে “শ্লোক” একোটি আওঁৰাই অনুৰাগীৰ কাষ চাপিবলৈ প্ৰয়াস কৰিছে বিভিন্নজনে। ঠিক তেনেদৰে, জনপ্ৰিয় কন্ঠশিল্পী ঋতৃষা শৰ্মাইও দূৰ্গা মাৰ “শ্লোক” ৰ জৰিয়তে আহি আছে অনুৰাগীৰ মাজলৈ।
https://www.instagram.com/p/CGXHD6Rght9/?utm_source=ig_web_copy_link

অহা ২০ অক্টোবৰ তাৰিখে মুক্তিপাবলগীয়া এই শ্লোকটোত নিজাববীয়াকৈ সংগীত দিছে গৌৰাংগ শেখৰ শৰ্মাই। গীতটিৰ শব্দ সংমিশ্ৰণ পল্লৱ তালুকদাৰৰ; ইয়াত ভিডিঅ’ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে ৰাজু আৰু নৰেশে লগতে ভিডিঅ’ সম্পাদনা বিৰাজৰ। ৰূপসজ্জা মৃদুস্মিতা বৰাৰ; ঋতৃষাৰ কন্ঠৰে মুক্তি পাবলগীয়া এই শ্লোকটোৰ সোঁৱাদেৰে ভক্তিৰসত বিলীন হোৱাৰ একাংশই ইচ্ছা প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। অসমৰ সংগীত ক্ষেত্ৰখনৰ এক জনপ্ৰিয় নাম হিচাপে পৰিগণিত ঋতৃষাই অনুৰাগীৰ কাষ চপা কোনো এটা সুযোগ এৰি নিদিয়ে। ব্যক্তিগত ইউটিউব চেনেলেই হওঁক অথবা চচিয়েল মিডিয়া যোগেৰেই হওঁক বিভিন্ন পোষ্ট দি অনুৰাগীক আপ্লুত কৰা প্ৰয়াস কৰে কন্ঠশিল্পী গৰাকীয়ে।

অসমীয়া আৰু হিন্দী; এই দুই ভাষাৰ গীতত সমান পাৰদৰ্শিতা দেখুওৱা ঋতৃষা শৰ্মাৰ আগন্তুক প্ৰকল্প সমূহক লৈ যথেষ্ট পৰিমাণে অপেক্ষাৰত অনুৰাগী। তেওঁৰ একোটা পোষ্টত অহা প্ৰতিক্ৰিয়াৰ সংখ্যাই আচলতে বুজাই দিয়ে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীত সংখ্যা কিমান।
Add comment