Rupaliparda.com
মাজুলী পটভূমিত নিৰ্মিত"এতিয়া জ্বলিছে" ৰ জনপ্ৰিয়তাঃ 1

মাজুলী পটভূমিত নিৰ্মিত”এতিয়া জ্বলিছে” ৰ জনপ্ৰিয়তাঃ

মাজুলী খন বুলি কৈ দিলেই সকলোৰে মনত বহু ভাৱে ক্ৰিয়া কৰি যায়। একো একোটা সুন্দৰ কাহিনীৰে পৰিপূৰ্ণ হৈ থাকে গোটেই ঠাইখন। ঠাইখনৰ বুকুত উমলি ডাঙৰ হোৱা একাংশৰ প্ৰতিভা ইতিমধ্যে জিলিকিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। প্ৰায় সময়ত মাজুলীৰ পটভূমিত সৃষ্টি হোৱা গীত-মাত সমূহে সোঁৱাদ প্ৰদান কৰা দেখিবলৈ পোৱা যায় শ্ৰোতা-দৰ্শকক। শেহতীয়াকৈ মাজুলীৰ পটভূমিত নিৰ্মিত এটি ৰোমান্টিক গীতে আপ্লুত কৰিছে জনসাধাৰণক। “এতিয়া জ্বলিছে” শীৰ্ষক এই গীতটিৰ কথাৰ লগতে ইয়াত সন্নিৱিষ্ট ভিডিঅ’টোৰ কাহিনীৰ উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা নতুনত্বই আৰু উপভোগ্য কৰি তুলিছিল গীতটিক। ৰোমান্টিক গীত সমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা একঘেয়ামীতা অথবা ধাৰাবাহিকতাৰ পৰা ফালৰি কাটি সদ্যমুক্তিপ্ৰাপ্ত “এতিয়া জ্বলিছে” শীৰ্ষক গীতটিয়ে আকৰ্ষণ কৰিছে দৰ্শকক। “কুমাৰ” বৃত্তিৰ সৈতে জড়িত লোকৰ ব্যক্তিগত জীৱনৰ এক সৰল অংশক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে উক্ত গীতটোত লগতে গীতটিত কন্ঠদান কৰা নৱপ্ৰজন্মৰ কন্ঠশিল্পী শ্ৰীময়ী বৰদলৈৰ কন্ঠই গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাত সক্ষম হৈছে।

মাজুলী পটভূমিত নিৰ্মিত"এতিয়া জ্বলিছে" ৰ জনপ্ৰিয়তাঃ 2


গীতটিৰ কথা আৰু পৰিচালনা প্ৰসেনজিৎ লাহনৰ আৰু সংগীত প্ৰযোজনা শ্যামল ভূঞা। শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ আৰু বাঁহী বজাইছে ভাস্কৰজ্যোতি কলিতাই। তবলা বজাইছে নৱ চুতিয়াই আৰু সাৰদ তৰুণ কলিতাৰ লগতে গীতাৰ বজাইছে অপূৰ্ব গগৈয়ে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, ভাস্কৰ বৰুৱা আৰু মনীষা ভূঞাই; গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা অবিনাশ ভূঞাৰ লগতে দৃশ্যগ্ৰহণ উত্তম কলিতাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform