Rupaliparda.com
বিনা অস্ত্ৰোপচাৰেৰে সূস্থ হৈ উঠিল অনিল কাপুৰঃ 1

বিনা অস্ত্ৰোপচাৰেৰে সূস্থ হৈ উঠিল অনিল কাপুৰঃ

নিজৰ শাৰীৰিক সুস্থতাৰ প্ৰতি অধিক গুৰুত্ব দিয়া প্ৰদান কৰা অনিল কাপুৰ এতিয়াও যেন এজন যুৱক ৰূপেই আছে। ৬৩ বছৰ হ’লেও অভিনেতা গৰাকীৰ দেহত এতিয়ালৈ পৰা বৃদ্ধৰ কোনো ধৰণৰ চাপ; অভিনেতা গৰাকীৰ এই বিষয়টোলৈ ইতিমধ্যে বিভিন্ন ধৰণৰ মিম চচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। এনেতে, আকৌ অনিল কাপুৰে নিজৰ এক ডাঙৰ সমস্যা অনুৰাগীৰ মাজত ব্যক্ত কৰে। তেওঁ কয় যে তেওঁ বিগত ১০ বছৰৰ পৰাই এটা সমস্যাৰ সৈতে যুঁজি আছে। তেওঁ চচিয়েল মিডিয়াত কেইখন মান ফটো শ্বেয়াৰ কৰে য’ত একাংশত তেওঁ স্কীপিং কৰি আছে আৰু আন কেইখনত তেওঁ ডাক্তৰৰ কান্ধত মূৰ থি থকা দেখিবলৈ পোৱা গৈছে। অভিনেতা গৰাকীয়ে বেমাৰৰ কথা উল্লেখ কৰি কয় যে, “মই বিগত ১০ বছৰৰ পৰা Achilles Tendon নামে এক বেমাৰৰ সৈতে যুঁজি দি আছো। পৃথিৱীৰ প্ৰায় প্ৰতিজন চিকিৎসকে মোক এই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায় দিছিল অস্ত্ৰোপচাৰৰ কিন্তু চিকিৎসক মূলাৰে মোক বিনা অস্ত্ৰোপচাৰেৰেই চলা-ফুৰা কৰিবলৈ, দৌৰিবলৈ আৰু স্কীপিং কৰিবলৈ সক্ষম কৰি তুলিলে।

https://www.instagram.com/p/CGZdByaBD-B/?utm_source=ig_web_copy_link


নিজ যৌৱন কালতেই থকা যেন অনুভৱ হোৱা অভিনেতা অনিল কাপুৰে আহিবলগীয়া সময়ত জেকী শ্ৰফৰ সৈতে এখন ছবিত কাম কৰিব। খবৰনুসৰি ছবিখনৰ পৰিচালনা কৰিব সুভাষ ঘাইয়ে। ছবিখনৰ নাম হ’ব “ৰাম চন্দ কিশন চন্দ”; সুভাষে ইয়াৰ পূৰ্বেও “ৰাম লখন” ছবিখনত উক্ত যুঁটিটোক লৈ কাম কৰিছিল। ছবিখন আচলতে চুপাৰহিটো হৈ পৰিছিল সেইটো সময়ত; চলিত বৰ্ষত অনিল কাপুৰক কেইবাখনো ছবিত একোটা মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। আহিবলগীয়া এই ছবিখনৰ আচলতে এতিয়ালৈ মুক্তিৰ তাৰিখ জানিব পৰা হোৱা নাই।

Add comment

Leave a Reply