সৰুৰ পৰা অভিনয় ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নৱপ্ৰজন্মৰ একাংশই বৰ্তমানেও নিজৰ কৰ্মৰে জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হৈ পৰিছে। অয়নজিত দেৱ শৰ্মা; সম্প্ৰতি নিৰ্মিত চুটি ছবি সমূহত অন্তৰ্ভূক্ত এটা চিনাকী নাম তথা এখন চিনাকী মুখ।নাটক, চুটি ছবিৰ সমান্তৰালকৈ অতি কম বয়সতে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত বলীউডৰ ছবি “Aisa Yeh jahan” টো অভিনয় কৰাৰ লাভ কৰিছিল তেওঁ সুবিধা। “মহাৰাথী কৰ্ণ” ৰ সৰু কৰ্ণৰ চৰিত্ৰটোও ৰূপায়ন কৰি দৰ্শকৰ বহুল সমাদৰ বুটিলিছিল আয়ানে। সঁচা অৰ্থত ক’বলৈ গ’লে অসমৰ চুকে-কোণে থকা প্ৰতিভাই প্ৰায়ে সমগ্ৰ অসমীয়াক গৌৰন্বম্বিত কৰি তোলে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাক প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ স্থিতি উল্লেখনীয়। ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত ইতিমধ্যে এনে একাংশ নৱপ্ৰজন্মৰ বিষয়ে আপোনালোকে জানিবলৈ পাৰিছে। আজিও ঠিক একেদৰেই আপোনালোকৰ মাজলৈ লৈ আনিছো এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা অয়নজিত দেৱ শৰ্মাক। চাওঁ চোন আহকঃ
প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনত তুমি কেতিয়াৰ পৰা জড়িত??
অয়নজিতঃ সৰুৰে পৰা অৰ্থাৎ প্ৰায় ৯ বছৰ বয়সৰ পৰাই মই অভিনয়ৰ লগত জড়িত; মই অধ্যয়নৰত অসম জাতীয় বিদ্যালয়ত ‘নাৎপীঠ’ নামে অভিনয়ৰ পাঠশালা এটা আৰম্ভ কৰা হৈছিল য’ত মই মোৰ অভিনয়ৰ শিক্ষা আৰম্ভ কৰিছিলো। এই আৰম্ভণিৰ কথা ক’বলৈ গ’লে এজন বিশেষ ব্যক্তিৰ মই নাম ল’ব লাগিব; সেইজন হৈছে অভিনয়ৰ মোৰ প্ৰথম গুৰু অসীম কৃষ্ণ বৰুৱা ছাৰ। সঁচা কথা ক’বলৈ গ’লে, সৰুৰে পৰা মই নাটকৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হৈছিলো। নৰেন পাটগিৰি ছাৰ, গুনাকৰ দেৱ গোস্বামী ছাৰকে আৰম্ভ কৰি বিভিন্নজন শিক্ষাগুৰুৰ ছত্ৰছায়াত মই নাটক কৰিছোঁ আৰু শিকিছোঁ যাক মই মোৰ সৌভাগ্য বুলি ক’বলৈ বিচাৰিম।
ইয়াৰে লগতে, মই প্ৰায় ৪ বছৰ অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত অনুষ্ঠিত কৰ্মশালা সমূহ কৰিছোঁ । ‘Alcheringa 2019’ ত আমাৰ নাটক ‘অন্তহীন অপেক্ষা’ য়ে শ্ৰেষ্ঠ নাটকৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল আৰু সেইটোৱে আছিল মোৰ জীৱনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম পুৰস্কাৰ। কেমেৰাৰ সন্মুখত মোৰ প্ৰথম কাম আছিল ষষ্ঠ শ্ৰেণীত থাকোতেই; অন্তৰা জি জি চৌধুৰীয়ে পৰিচালনা কৰা এখন চুটি ছবি ‘বেলিৰ হাতত ধৰি’ য়ে অসমৰ লগতে বাহিৰতো ভালেখিনি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে পিছলৈ মই মোৰ জীৱনৰ প্ৰথমখন মেগা ধাৰাবাহিক ‘মহাৰথী কৰ্ণ’ ত সৰু কৰ্ণৰ চৰিত্ৰটো লাভ কৰিবলৈ সক্ষম হৈছিলো। সমান্তৰালকৈ, মই নৱম শ্ৰেণীত থাকোতে বিশ্বজিত বৰা ছাৰৰ দ্বাৰা পৰিচালিত ‘Aisa yeh Jahaan’ চিনেমা খনৰ বাবে মই মুম্বাইত গৈ শ্বুটিং কৰাৰ সুযোগ পাইছিলোঁ যিটো মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা । তাতেই মই যশপাল শৰ্মা, পলাশ সেন আদিৰ দৰে লোকৰ বহুল সমাদৰ লাভ কৰিছিলো ।
তেনেকৈয়েই মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ । অলপতে মোৰ সতীৰ্থ কেইগৰাকী মানৰ সৈতে লগ হৈ ‘V SIX MOTION’ শীৰ্ষক এটি প্ৰডাকচন হাউচ খুলি লৈছিলো। ইয়াতেই আমি ভাল ভাল চুটিছবি দৰ্শকক উপহাৰ দিবলৈ চেষ্টা কৰি আহিছোঁ; লগতে শেহতীয়াকৈ প্ৰাঞ্জল গৈয়াৰী পৰিচালিত ‘sorry’ চুটি ছবিখনত এটা মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালোঁ যিখনে দৰ্শকৰ ভাল সমাদৰ লাভ কৰিছে; এইটোও মোৰ জীৱনৰ এটা ভাল অভিজ্ঞতা ।
প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা তোমাৰ মতে কি?
অয়নঃ এই শব্দটোৰ অৰ্থটোৱে এক বহুল অংশ আৱৰি ৰাখিছে; মোৰ মতেৰে ‘শিল্পী’ এটা অতি অৰ্থবহুল শব্দ। “শিল্পী” হৈছে একোটা কলাৰ একোজন নিৰপেক্ষ সাধক যিয়ে স্বাৰ্থবিহীনভাৱে নিজকে সেই কলাত আত্মনিয়োগ কৰে।
প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
অয়নজিতঃ মই আচলতে গুৱাহাটী কৰ্মাচ কলেজৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ। গতিকে, মোৰ প্ৰধান আৰু মূখ্য উদ্দেশ্য হৈছে যে মই ভালকৈ পঢ়া-শুনা কৰি নিজকে এক সু-নিৰ্দ্দিষ্ট নাগৰিক হিচাপে গঢ়ি তোলা। তাৰ লগতে, অভিনয় ক্ষেত্ৰখনত ভাল ভাল অথবা গ্ৰহণযোগ্য সুযোগ সমূহ গ্ৰহণ কৰি ভালকৈ কাম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।
এইখিনিতে, আৰু কথা এটা উল্লেখ কৰিবই লাগিব যে আমি যিটো “V SIX MOTION” নামে প্ৰডাকচন হাউচ খুলিছো সেইটো আহিবলগীয়া সময়ত বৃহৎ আকাৰত গঢ় দিয়াৰ এটা সপোন পুঁহি ৰাখিছো। আনহাতে, মই যেতিয়াৰ পৰা বুজিব পৰা হৈছিলো তেতিয়াৰ পৰা অসমীয়া চলচিত্ৰ জগত খনৰ পৰিস্থিতি সূচনীয় হিচাপে দেখি আহিছিলো। ছবিগৃহ সমূহত অসমীয়া ছবি উপভোগ কৰিবলৈ দৰ্শকৰ কম উপস্থিতি অথবা কম জনপ্ৰিয়তা ইত্যাদি বস্তুবোৰে মোকো এজন অসমীয়া ৰূপে আমনি নকৰাকৈ থকা নাছিল; গতিকে যেতিয়াই মই যেনেদৰে পাৰো তেনেদৰে এই ক্ষেত্ৰখনক লৈ কাম কৰাৰ ইচ্ছা আছে।
প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ অন্তৰ্ভূক্ত হোৱাৰ বাবে অনুপ্ৰেৰণা কোন?
অয়নজিতঃ মনোৰঞ্জন জগত খনত অন্তৰ্ভূক্ত হোৱাৰ দিশত মোৰ প্ৰথম অনুপ্ৰেৰণা হৈছে মোৰ পৰিয়ালটো। এটা সাংস্কৃতিক বাতাবৰণত মই ডাঙৰ-দীঘল হৈছো; মোৰ দেউতাৰ ফালৰ অধিকাংশ সদস্য জড়িত সংগীতৰ সৈতে আৰু মোৰ মাৰ পৰিয়ালটো জড়িত আছিল অভিনয়ৰ সৈতে। কোনো এজন নিৰ্দ্দিষ্ট ব্যক্তিক মোৰ অভিনয় দিশত অনুপ্ৰেৰণা বুলি ক’ব নোৱাৰিম; অভিনয়ৰ দিশটোত মোক সহায় কৰা প্ৰতিজন ব্যক্তিয়েই মোৰ অনুপ্ৰেৰণা।
প্ৰশ্নঃ অভিনয় তথা পৰিচালনা “নিচা নে পেচা”?
অয়নজিতঃ অভিনয় মোৰ বাবে “নিচা”; সৰুৰ পৰা অভিনয় কৰি আহিছো আৰু অভিনয়ক মই যথেষ্ট ভাল পাওঁ,সুখ আৰু প্ৰশান্তি লাভ কৰো। কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ’লে অথবা এখন ছবিত অন্তৰ্ভূক্ত হ’বলৈ হ’লে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু এই কষ্টটোৰো যেন এক ব্যতিক্ৰমী মাদকতা আছে যিটো অনুভৱ কৰি ভালহে লাগে। এয়াই ছাগে মোৰ অভিনয়ৰ প্ৰতি থকা নিচা; এতিয়ালৈ এই নিচাটোক পেচালৈ লৈ যোৱাৰ পৰিকল্পনা কৰা নাই কাৰণ মই মোৰ পাঠ্যক্ৰম ভিত্তিক শিক্ষা সাং কৰিব খুজিছো। সমান্তৰালকৈ অভিনয়ৰ জগত খনতো সময়-সুবিধানুযায়ী খোজ দিয়াৰ চেষ্টা কৰিছো। আহিবলগীয়া সময়ৰ বৰ বেছি দীঘলীয়া পৰিকল্পনা মই কৰি ৰখা নাই।
ৰূপালীপৰ্দাঃ ধন্যবাদ আয়ান। আগন্তুক পৰিকল্পনা সফল হোৱাৰ কামনাৰে…
অয়নজিতঃ ধন্যবাদ।
Add comment