Rupaliparda.com
উত্তৰাখণ্ডৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন শ্বাহিদ কাপুৰ-মৃণাল ঠাকুৰৰঃ 1

উত্তৰাখণ্ডৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন শ্বাহিদ কাপুৰ-মৃণাল ঠাকুৰৰঃ

“কৱীৰ সিং” ৰ বহুল সফলতাৰ পিছত তেওঁৰ ডিমাণ্ড এই ক্ষেত্ৰখনত বেছি হৈ পৰিছে। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে অভিনেত্ৰী মৃণালৰ সৈতে তেওঁলোকৰ আহিবলগীয়া ছবি “জৰ্সী” ৰ বাবে সমাপ্ত কৰিলে শ্বুটিঙৰ এক পৰ্যায়। উত্তৰাখণ্ডত তেওঁলোকে নিজ শ্বুটিং চেড্যুল সম্পূৰ্ণ কৰি তুলিছে; অভিনেতা শ্বাহিদ কাপুৰে নিজ টুইটাৰ একাউন্টাৰে উত্তৰাখণ্ডৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। তেলেগু ছবি “জৰ্সী” ৰেই নিৰ্মাণ হোৱা হিন্দী ৰিমেকত অভিনয় কৰিছে শ্বাহিদ কাপুৰ আৰু মৃণাল ঠাকুৰে। ছবিখনত এগৰাকী ক্ৰিকেটাৰ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব শ্বাহিদক। ক’ৰোণা মহামাৰীৰ সময়ছোৱাত উত্তৰাখণ্ডৰ চৰকাৰে উক্ত ছবিখনৰ শ্বুটিং সময়ছোৱাত কৰা সহায়-সাৰথিৰ বাবে চৰকাৰ খনলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে। তেওঁ লিখে যে, “জৰ্সী” ৰ আন চেড্যুলৰ অন্ত; এইখিনিতে মই উত্তৰাখণ্ডৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁলোকে আমাক ৰাজ্যখনৰ একাংশ সুন্দৰ সুন্দৰ ঠাইত সুৰক্ষিত ৰূপত শ্বুটিং কৰিবলৈ দিলে আৰু আমি সফল হ’লো।”

উত্তৰাখণ্ডৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন শ্বাহিদ কাপুৰ-মৃণাল ঠাকুৰৰঃ 2


এই একেটা কথাকেই উদ্দেশ্যি মৃণালেও ধন্যবাদ জ্ঞাপন কৰে উত্তৰাখণ্ডৰ চৰকাৰক। এই ছবিখনত শ্বাহিদ কাপুৰে এজন এনে ক্ৰিকেটাৰৰ ভূমিকা ৰূপায়ন কৰিছে য’ত তেওঁ বহুল প্ৰতিভাৰ গৰাকী হোৱাৰ স্বত্বেও ভাৰতীয় ক্ৰিকেট নিজৰ ঠাই বনাব পৰা নাছিল। কিন্তু, পিছলৈ নিজ পুত্ৰৰ আশানুসৰি এটা স্পেচিয়েল জৰ্সী তেওঁ নিজৰ নামত কৰি পেলায়। এই ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে ইয়াত শ্বাহিদ কাপুৰৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা তথা শ্বাহিদৰ পিতৃ পংকজ কাপুৰক। পুনৰ বাৰ দুয়োগৰাকী অভিনেতাই স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.