Rupaliparda.com
কন্ঠশিল্পী বাবুৰ গীত "Bad Boy"; কিন্তু একাংশই গীতৰ তুলনা কৰিছে ৰাজকুমাৰৰ লগতঃ 1

কন্ঠশিল্পী বাবুৰ গীত “Bad Boy”; কিন্তু একাংশই গীতৰ তুলনা কৰিছে ৰাজকুমাৰৰ লগতঃ

কন্ঠশিল্পী বাবুৰ গীতক লৈ বৰ্তমান উৎসাহী নহয় তেওঁৰ অনুৰাগী। কন্ঠশিল্পী গৰাকীয়ে চচিয়েল মিডিয়াত গীতটি মুক্তিৰ খবৰ দিয়া মাত্ৰকেই সমালোচনাৰ সন্মুখীন হৈ পৰে বাবু; ২৩ অক্টোবৰ তাৰিখে তেওঁৰ “Bad Boy” শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰিব বুলি জানিবলৈ পাই একাংশই তেওঁৰ পোষ্টতেই ২৩ অক্টোবৰৰ দিনটো “কলা দিৱস” বুলি ঘোষণা কৰি পেলায়। গীতটিৰ ইতিমধ্যে মুক্তি কৰা হৈছে ট্ৰেইলাৰ; য’ত একাংশ গীতৰ কথাই শ্ৰোতাক মুগ্ধ কৰিছে তাতেই আকৌ বাবুৰ আহিবলগীয়া এই গীতটিৰ কথাই দৰ্শক-শ্ৰোতাক ক্ষোভিত কৰাহে দেখিবলৈ পোৱা গৈছে। গীতটিত কথা, সুৰ আৰু সংগীত পলাশ সূৰ্য গগৈৰ লগতে গীতটিত শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। বাবুৰ আহিবলগীয়া এই গীতটিক বৰ্তমান তুলনাও কৰা হৈছে ৰাজকুমাৰৰ গীত সমূহৰ লগত। “ইউ আৰ মাই ডক্টৰ” শীৰ্ষক ৰাজকুমাৰৰ গীতটো বাবুৰ এই আহিবলগীয়া গীতটোতকৈ বহু ওপৰত বুলি মন্তব্য কৰিছে এতিয়া বিভিন্ন জন সংগীতপ্ৰেমী শ্ৰোতাই। এজনে আকৌ কৈছে, “দাদা মুক্তি দিয়ক সোনকালে গানটো; এক ঘন্টা খৰচ কৰি কমেডী শ্ব’ চোৱাতকৈ আপোনাৰ গান শুনিয়ে হাঁহিম।”

কন্ঠশিল্পী বাবুৰ গীত "Bad Boy"; কিন্তু একাংশই গীতৰ তুলনা কৰিছে ৰাজকুমাৰৰ লগতঃ 2
কন্ঠশিল্পী বাবুৰ গীত "Bad Boy"; কিন্তু একাংশই গীতৰ তুলনা কৰিছে ৰাজকুমাৰৰ লগতঃ 3


১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.