বলীউড ক্ষেত্ৰখনত একোটা গীতত অন্তৰ্ভূক্ত “ৰেপ” য়ে যেনেদৰে গীতসমূহক শ্ৰোতাৰ ওচৰত গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছে; ঠিক তেনেদৰে এই “ৰেপ” ৰ উদ্ভৱ অসমীয়া সংগীত ক্ষেত্ৰ খনতো হৈছে। ইতিমধ্যে কেইবাটাও সংগীতত অন্তৰ্ভূক্ত সুন্দৰ “ৰেপ” লগতে একোজন অসমীয়া ৰেপাৰ ৰূপে চিনাকী লাভ কৰা নৱপ্ৰজন্মৰ প্ৰতিভা সমূহ লেখত ল’বলগীয়া। মিনিমি, কুলদীপ আদিৰ নাম লগতে এওঁলোকৰ সৃষ্টিবোৰে অসমীয়া সংগীত প্ৰেমী শ্ৰোতা সকলক টানিবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিততে, আপোনালোকক আজিও এনে এজন ৰেপাৰৰ বিষয়ে ক’বলৈ ওলাইছো; এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ নাম হৈছে সুমন শইকীয়া। সম্প্ৰতি সময়ৰ সমাজ ব্যৱস্থা লগতে ৰাজনৈতিক মেৰপাঁক আদি বোৰক আজিৰ নৱপ্ৰজন্মই হৃদয়ংগম কৰি সৃষ্টি কৰি উলিওৱা বিষয়বস্তুবোৰে নিশ্চয়কৈ জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰূপালীপৰ্দাৰ সৈতে এক সাক্ষাৎকাৰ যোগে যেতিয়া এই যুৱকজনক “ৰেপ” সংগীতৰ দিশত কেনেদৰে ঢাল খাইছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “সৰুৰ পৰাই আচলতে সংগীতৰ প্ৰতি সাংঘাতিক টান আছিল। তাৰ পিছতেই যেতিয়া 4G ৰ উদ্ভাৱন হৈছিল তেতিয়া মই ইউটিউবৰ ভিডিঅ’বোৰ চাবলৈ ল’লো। মনত এটা ইচ্ছাও আছিল যে এনেদৰে কেতিয়াবা মইও ভিডিঅ’ বনাম। ভিডিঅ’ সমূহৰ ভিতৰত মই বেছিকৈ চাইছিলো হিপহপ গীতবোৰ তথা অসমীয়া যিসমূহ ৰেপাৰ আছিল তেওঁলোকৰ সৃষ্টি সমূহ।”
তেওঁ আগলৈ কয় যে, “যদিও মোৰ ওচৰত সেইটো সময়ত মাইক অথবা তেনে কোনো বস্তু নাছিল তথাপিও হায়াৰী চেকেণ্ডাৰী মানৰ পৰাই মই মোৰ ফোনটো ব্যৱহাৰ কৰিয়ে গীত সমূহ জনসাধাৰণৰ মাজত উলিয়াই দিবলৈ চেষ্টা কৰিছিলো।” “ৰেপাৰ” হ’বলৈ অনুপ্ৰেৰণা কোন বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “অনুপ্ৰেৰণা কোন বুলি ক’বলৈ গ’লে মই আমাৰ অসমীয়া ৰেপাৰ অৰ্থাৎ কুলদীপ, মিনিমি, চিকমাছ, ভেন এম, বেয়া ল’ৰা আদিৰ সৃষ্টি সমূহ খুব পচন্দ কৰো। গতিকে, এওঁলোকক অনুসৰণ কৰোতে কৰোতে মোৰ অনুপ্ৰেৰণা সদৃশ হৈ পৰিল এওঁলোক।” সুমনক যেতিয়া জনসাধাৰণৰ পৰা কেনে সঁহাৰি বিচাৰে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “জনসাধাৰণৰ পৰা বৰ বিশেষ আশা নাই কৰা মই এতিয়ালৈ কাৰণ মই ৰাইজক কি দিব পাৰিছোঁ সেয়াহে প্ৰথমতে চাইছো। মোৰ সৃষ্টি সমূহত থকা ভুল সমূহ মোক আঙুলিয়াই দি সঁহাৰি জনোৱাটোৱে মই আশা কৰো আমাৰ ৰাইজৰ পৰা।”


ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “তেনেধৰণৰ মোৰ বৰ বিশেষ ভৱিষ্যৎ পৰিকল্পনা নাই; নিজে কিবা এটা কৰি যাতে মোৰ লগতে আৰু আন ১০ জনৰ মুখত হাঁহি বিৰিঙাব পাৰো তেনেকুৱা কিবা কৰাৰ হেঁপাহ আছে। লগতে, আৰ্থিক ভাৱে অচল একাংশক, দুখীয়া বা দুবেলা দুসাজ খাব নোৱাৰা সকলক সহায় কৰা সপোন আছে মোৰ ভৱিষ্যতে। নাজানো কিমান দূৰ সফল হ’ম কিন্তু এনে এক আশা পুঁহি ৰাখিছো।”
ভাল লাগিল পঢ়ি