সমাজ এখন জিলা সংগ্ৰাহালয়ত সাঁচি ৰখা আপুৰুগীয়া ভাস্কৰ্যৰ এটুকুৰা ভগ্নাংশ নহয়। সমাজ হৈছে এক নিতৌ ধ্বংস আৰু নতুনকৈ সৃষ্টি হোৱা এক প্ৰক্ৰিয়াৰ মাজেৰে বৰ্তি থকা মানৱ সভ্যতাৰ জীৱন্ত স্বৰূপ। কু প্ৰভাৱে গ্ৰাস কৰা এখন ওকলি যোৱা সমাজত খৰাং মাটিত ফাট মেলাৰ দৰে কিছুমান social cleavage উদ্ভৱ হয়। তাৰ মাজতেই নতুনত্বৰ বীজবোৰে পোখা মেলে এখন নতুন সমাজৰ সূচনা কৰিবলৈ।আজিৰ ভেঁকুৰ ধৰা অথচ ফ্ৰীজত সজাই ৰখা আমাৰ সমাজখনৰ প্ৰকৃত স্বৰূপ – গেলি যোৱা নৈতিকতাৰ দুৰ্গন্ধ আৰু মুখা আঁৰৰ নাঙঠ স্বৰূপ উদঙাই তুলিছে ‘পৰিৱৰ্তন চং’ৰ দ্বাৰা।গণমুখী গীত-মাত আমাৰ সমাজৰ একো একোখন আর্চি। এই মাধ্যমেৰেই বিষ্ণু ৰাভাই হালোৱা বনুৱাৰ মাজত ৰচনা কৰিছিল গ্ৰাম্য জীৱনৰ আকাশত মীনা কৰা ইন্দ্ৰধনুৰ। হেমাংগ বিশ্বাসেও একেই পদ্ধতিৰে ব্ৰহ্মপুত্ৰ আৰু সুৰমাৰ মানুহক মানৱীয়তা বুজালে। প’ল ৰবছন কিম্বা ব’ব ডি’লান – কৃষ্ণবৰ্ণৰ মুক্তিৰ বাবে গণমুখী গান গাই বিশ্ব কঁপোৱা এই গণমাধ্যমেই হ’ল – সংগীত। এই গীত সমূহে মানৱ জীৱনত প্ৰভাৱ পেলোৱাও আমি লক্ষ্য কৰিছো; আচলতে এনে সৃষ্টি সমূহত যথেষ্ট হাৰত যদিও ভিউৱাৰচ নাথাকে তথাপিও ইয়াত অন্তৰ্নিৰ্হিত বিষয় সমূহৰ উদ্দেশ্য লেখতল’বলগীয়া।
আমাৰ সমাজ ব্যৱস্থাত ৰাজ্য চৰকাৰে ইটোৰ পিছত সিটো আঁচনি মুকলি কৰি সাধাৰণ ৰাইজক যদিও সুখ-সন্তোষ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে তৎস্বত্বেও কিছু এনেও লোক আছে যিসকল এনে সাহাৰ্য্য অথবা আঁচনিৰ পৰা আঁতৰি থাকে নহ’লে তেওঁলোকক এই আঁচনি সমূহে ঢুঁকি নাপায়। এনে বহু উদাহৰণ আমি দেখিছো য’ত দুখীয়াৰ পৰা অহা টকা ঘৰলুকী হয় আৰু আৰ্থিক ভাৱে পিছ পৰি ৰোৱা সকলৰ অৱস্থাৰ কোনো সালসলনি নঘটে। এনে কিছু কথাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছিল এই গীতটি; নাম হৈছে “দা পৰিৰ্ৱতন চং”। গীতটি যিসকল শ্ৰোতাৰ কাষ চাপিছে তেওঁলোকে নিশ্চয়কৈ ইয়াক হৃদয়ংগম কৰাত সক্ষম হৈছে। প্ৰেম, বিষাদ, আৱেগ, পৰিৱেশ আদিকে ধৰি মানৱ সমাজৰ প্ৰতিটো বিষয়ক কেন্দ্ৰ কৰি একোটা গীত আমি শুনিছো; কিন্তু মানব জাতি যিখন সমাজত বসবাস কৰি আছে তাৰ কিছু ব্যৱস্থাত যে বৰ্তমান পৰ্যন্ত এলান্ধু লাগি আছে আমি তাক নুই কৰিব নোৱাৰো।

“দা পৰিৱৰ্তন চং” য়েও এনেবোৰ কথাকেই সাঙুৰি লোৱাৰ চেষ্টা কৰিছে। গীতটিত কথা স্বপ্ন জ্যোতি ঠেঙ্গালৰ লগতে গীতটিত কন্ঠদান কৰাৰ উপৰিও পৰিচালনা কৰিছে অংশুমান বৰুৱাই। সংগীত ব্যৱস্থাপনা অৰ্ণৱ বশিষ্ঠৰ; শব্দ সংমিশ্ৰণ কৰিছে হীৰকজ্যোতি নাথে। ড্ৰাম শান্তনু গগৈৰ, গীতাৰ অৰ্ণৱ বশিষ্ঠৰ আৰু ইউকেলে বজাইছে আকাশ নিবিড়ে। আনহাতে, বেছ শিৱমৰ কালাৰ আৰু ইদিতিং উদিপ্ত কুমাৰ ভট্টাচাৰ্যৰ। 21 Century Savage নামে ইউটিউব চেনেলটোত মুকলি কৰি দিয়া এই গীতটোৱে ইতিমধ্যে যিমানবোৰ শ্ৰোতাৰ কাষ চাপিছে তেওঁলোকৰ আটাইৰে আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। “টেবুলৰ তলৰ বিয়াগোম ফাইলত পৰি ৰয় পৰিবৰ্তনৰ নক্সাএক্সেল দিয়া টেক্সীত উঠি যোৱা তুমি আৰু আমি চলাই খাও ৰিক্সা”; উক্ত শাৰীটোৰ দৰেই গীতটিত সন্নিৱিষ্ট কথাই উদঙাইছে ৰাজ্যৰ নেতা-পালি নেতাৰ ফোপোলা শাসন তথা স্বৰূপ।
Add comment