Rupaliparda.com
কণ কণ শিশু সকলক মাস্ক বিতৰণ অভিনেত্ৰী আইমী বৰুৱাৰঃ 1

কণ কণ শিশু সকলক মাস্ক বিতৰণ অভিনেত্ৰী আইমী বৰুৱাৰঃ

এইবাৰ নাই উৎসৱৰ উছাহ; চলিত বৰ্ষৰ আৰম্ভণিতে ক’ৰোণা মহামাৰীয়ে কৰা সন্ত্ৰাস বৰ্তমানলৈও অব্যাহত আছে ফলত প্ৰতিজন জনসাধাৰণেই হৈ পৰিছে হতাশগ্ৰস্ত। এই উৎসৱৰ সময়কণত আটাইতকৈ অধিক উৎসাহী হৈ পৰে কণ কণ শিশু সকল। কিন্তু, এইবাৰৰ উৎসৱে উলাহ-উদ্দীপনাৰ সলনি কঢ়িয়াইছিল কেৱল মাত্ৰ সন্ত্ৰাসৰহে। অভিনেত্ৰী আইমী বৰুৱাই এই উৎসৱৰ সময়কণতে কণ কণ শিশুসকলক ক’ভিডৰ পৰা হাত সাৰিব পৰাকৈ নিয়মানুসৰি পৰিধান কৰিবলৈ দিয়া মাস্ক সমূহ বিতৰণ কৰিছিল। সামাজিক দায়বদ্ধতাৰ প্ৰতি বহুল হাৰত লক্ষ্য কৰি আগবঢ়া অভিনেত্ৰী গৰাকীৰ এই পদক্ষেপকক যদিও একাংশই সঁহাৰি জনাইছে তথাপিও একাংশই অভিনেত্ৰী গৰাকীক সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। পূজাৰ মাজত কিছু ক্ষেত্ৰত বহুতেই সজাগতা আৰু সচেতনতা বিষয়টোক আওঁকান কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ বাবেই অভিনেত্ৰী গৰাকীয়ে নিজৰ ফালৰ পৰা গ্ৰহণ কৰে এনে পদক্ষেপৰ। নৱৰাত্ৰীৰ সময়ছোৱাত “ৰাজনন্দিনী” ৰ বিষয়বস্তুৰে ফটোশ্বুট কৰা আইমী বৰুৱা অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

কণ কণ শিশু সকলক মাস্ক বিতৰণ অভিনেত্ৰী আইমী বৰুৱাৰঃ 2
কণ কণ শিশু সকলক মাস্ক বিতৰণ অভিনেত্ৰী আইমী বৰুৱাৰঃ 3


শেহতীয়াকৈ মাস্ক বিতৰণ কৰি আইমী বৰুৱাই লিখে যে, ” উৎসৱৰ বতৰত কণ কণ মইনা হতঁৰ উচাহ অধিক। কভিড ১৯ ৰ ভয়াবহতা বা এই ৰোগ সংক্ৰমণৰ বাবে ল’ব লগা সাবধানতা আদি সম্পৰ্কত তেওঁলোকৰ শিশু মনটোৱে ঢুকি নাপায় আৰু এই বিষয়টি শিশু হৈ থকাৰ বাবে বৰ অধিক গুৰুত্ব নিদিয়ে। সেয়েহে মাস্ক পৰিধান বা সঘনাই হাত ধোৱা কথাবোৰ তেওঁ লোকে আওকান কৰি চলাটো স্বাভাবিক।
এই বেলি বিশেষকৈ পূজাৰ সময়খিনিত মই লগ পোৱা প্ৰতিগৰাকী শিশুকে একোখনকৈ মাস্ক উপহাৰ দিয়াৰ পাৰ্যমানে চেষ্টা কৰিছিলোঁ আৰু ক’ভিড সম্পৰ্কত স্বাস্থ্য বিভাগ আৰু চৰকাৰে বান্ধি দিয়া নীতি নিয়ম সমূহ পাৰ্যমানে কোৱাৰ চেষ্টা কৰিছিলোঁ। কণকণ মইনাহঁতৰ স্বাস্থ্যবোৰ ভালে থাকক, কুশলে থাকক। তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত।।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform